শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত বটদ্ৰৱাৰ ক’ৰচোং সত্রত ভক্তিমূলক গীত উন্মোচন

শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত বটদ্ৰৱাৰ ক’ৰচোং সত্রত ভক্তিমূলক গীত উন্মোচন

author-image
Asomiya Pratidin
New Update
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত বটদ্ৰৱাৰ ক’ৰচোং সত্রত ভক্তিমূলক গীত উন্মোচন

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বটদ্রৱাৰ ক’ৰচোং সত্রত উখল মাখল পৰিৱেশ। বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত ক’ৰচোং সত্রৰ ঐতিহাসিক কলিয়া গোসাঁই থানত জন্মাষ্টমী উপলক্ষে ভক্তপ্রাণ লোকে ভক্তি অঞ্জলি প্রদান কৰে।

Advertisment

ইফালে জন্মাষ্টমীৰ পবিত্ৰ ক্ষণত শিল্পী সীমাৰেখা ভৰালী কন্ঠৰে এটি ভক্তিমূলক গীত উন্মোচন কৰা হয়। "পুৱতি নিশাতে কৃষ্ণ উপজিলে, নুশুনি পাজৰে মাত, পালি পহৰীয়া সবে নিদ্ৰা গৈলে উপজিলে জগন্নাথ।" শীৰ্ষক গীতটি উন্মোচন কৰে ক’ৰচোং সত্রৰ আইমাতৄ মামনি গোস্বামীয়ে।

আনহাতে সত্রত পুৱতি গীত, পুৱতী নামৰ পাছত গোপীনী নাম অনুষ্ঠিত হয়। খোল প্ৰসঙ্গ, নাম কীৰ্তনৰ পাছত বিয়লি ভগৱান কলীয়া গোসাঁইৰ মূৰ্তিভাগ সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতিৰে দৰ্শনাৰ্থীৰ সেৱা অৰ্চনাৰ বাবে অস্থায়ী মণ্ডপত ৰখা হব। সন্ধ্যা বিষ্ণু হোম আৰু নিশা জন্মযাত্ৰা নাট পৰিবেশ কৰিব স্থানীয় ৰাইজে।

Also Read: সংবিধানে কি কয়?