অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী দীন বৰুৱাৰ মৃত্যু

অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী দীন বৰুৱাৰ মৃত্যু

author-image
Asomiya Pratidin
New Update
অৱসৰপ্ৰাপ্ত শিক্ষক-সমাজকৰ্মী দীন বৰুৱাৰ মৃত্যু

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ শিক্ষা-সংস্কৃতি-ক্ৰীড়াক্ষেত্ৰৰ অন্যতম অগ্ৰণী স্থান ডিমৌৰ নিকটৱৰ্তী কুঁজাৰবড়িৰ শিক্ষাব্ৰতী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিশিষ্ট সমাজসেৱক দীন বৰুৱাৰ শনিবাৰে পুৱা পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৭৮ বছৰ।

Advertisment

উল্লেখ্য যে মৃত্যুৰ পূৰ্বে বৰুৱা বিগত কিছুদিন শাৰীৰিকভাৱে অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত আছিল। সামাজিকভাৱে অতি সচেতন ব্যক্তি ৰূপে পৰিচিত বৰুৱা এচ কে বি এল নেহৰু মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ শিক্ষক হোৱাৰ লগতে হাতীচোং কুঁৱাপাৰ এম ভি স্কুলৰ পৰা প্ৰধান শিক্ষক ৰূপে অৱসৰ গ্ৰহণ কৰি কৰ্ম জীৱনৰ সামৰণি মাৰে। তাৰোপৰি দীন বৰুৱাই অঞ্চলটোৰ বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও প্ৰত্যক্ষভাৱে জড়িত আছিল। সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতি, কুজাৰবড়ি ভাগৱত পাঠ উদযাপন সমিতি, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বুঢ়া শ্ৰীৰাম আতা আঞ্চলিক, কুজাৰবড়ি বুঢ়া নামঘৰ পৰিচালনা সমিতি আদি বিভিন্ন অনুষ্ঠানৰ গুৰু দায়িত্ব পালন কৰি ৰাইজৰ সেৱাত ব্ৰতী আছিল ‌।

উল্লেখ্য যে প্ৰয়াত শিক্ষকগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাক-মুহূৰ্তৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য অজিত ভূঞা, বুঢ়া শ্ৰীৰাম আতা আঞ্চলিকৰ সম্পাদক মনোজ ভূঞা প্ৰমুখ্যে অন্যান্য বিষয়ববীয়াসকল, সন্মিলিত এচ কে বি এল শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ উদযাপন সমিতিৰ সভাপতি সঞ্জীৱ কুমাৰ দেউৰী, প্ৰাক্তন সম্পাদক লক্ষ্যধৰ মেধী, বৰ্তমানৰ সম্পাদক ববিন চন্দ্ৰ বৰা, কুজাৰবড়ি ভাগৱত পাঠ উদযাপন সমিতিৰ সম্পাদক পূৰ্ণানন্দ শইকীয়াৰ লগতে বিষয়ববীয়াসকল, এচ কে বি এল অঞ্চলৰ ৰাইজ, কুজাৰবড়ি বুঢ়া নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, পৰিয়ালৰ সদস্যসকল উপস্থিত থাকি সকলোৱে তেখেতৰ আত্মাৰ সদগতিৰ কামনাৰে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে প্ৰয়াত বৰুৱাই মৃত্যুৰ সময়ত পত্নী, পুত্ৰ, বোৱাৰী, জী-জোঁৱাই, নাতি- নাতিনীৰ লগতে পৰিয়ালৰ অন্যান্য সদস্যসকলক এৰি থৈ যায়।

Also Read: ত্ৰিপুৰাত ১৯৭১ ৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ৰে অবিস্ফোৰিত মৰ্টাৰ উদ্ধাৰ...

nagaon bebejiya