পথৰ কাষৰ প্ৰতিমা নৈত বিসৰ্জন দিয়া মানুহজন...

পথৰ কাষৰ প্ৰতিমা নৈত বিসৰ্জন দিয়া মানুহজন...

author-image
Asomiya Pratidin
New Update
পথৰ কাষৰ প্ৰতিমা নৈত বিসৰ্জন দিয়া মানুহজন...

পথৰ কাষৰ প্ৰতিমা নৈত বিসৰ্জন দিয়া মানুহজন...

ডিজিটেল সংবাদ বেবেজীয়াঃ নগাঁৱৰ হয়বৰগাও লাওখোৱা পথৰ বিশিষ্ট ব্যৱসায়ী তথা এগৰাকী আগশাৰীৰ সমাজ সেৱক বিনোদ খেটাৱতৰ এক প্ৰশংসনীয় পদক্ষেপে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। সৰস্বতী পূজাৰ প্ৰতিমা বিভিন্ন শিক্ষানুষ্ঠান বা পূজা উদযাপন সমিতিৰ একাংশই নগাঁও চহৰকে ধৰি ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ পথৰ দাঁতিত বা গছৰ তলত যতে ততে পেলাই থৈ দিয়ে।

Advertisment

যিটো দেখাত দৃষ্টিকটু হয়। সেয়ে এই প্ৰতিমাসমূহ সমাজ সেৱক জনে কালি আৰু আজি নিজৰ কৰ্মচাৰীৰ সহযোগত পথৰ দাঁতি বা গছৰ তলৰ পৰা উঠাই আনি নৈত বিসৰ্জন দিয়াৰ ব্যৱস্থা কৰে।

সমাজ সেবক গৰাকীৰ এই পদক্ষেপক সকলোৱে প্ৰশংসা কৰিছে‌। উল্লেখ যে, বিগত কেবা বছৰ ধৰি সমাজ সেৱকগৰাকীয়ে বিশ্বকৰ্মা পূজা আৰু সৰস্বতী পূজাৰ সময়ত পথৰ দাতি আৰু গছৰ তলত ৰাখি থোৱা প্ৰতিমাসমূহ বিসৰ্জনৰ ব্যৱস্থা কৰি আহিছে।

তদুপৰি তেওঁ দৰিদ্ৰ, আৰ্তজনক সহায় কৰাৰ লগতে বিভিন্ন অনুষ্ঠানকো সহায়ৰ হাত আগবঢ়াই আহিছে। তেওঁৰ পৰিয়ালটো্ৱে পূৰ্বৰ পৰাই এনেবোৰ কাম কৰি অহাৰ লগতে সমাজ সংস্কাৰ মূলক কাম কাজ কৰি আহিছে।

Also Read: সম্পন্ন হ'ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহঃ ৫৮,৯০৩ গৰাকীক বিভিন্ন ডিগ্ৰী প্ৰদান...

বেবেজীয়া প্ৰতিমা বিসৰ্জন