ডিজিটেল সংবাদ, নগাঁও: আজি পুৱাতেই এজাক শিশুৰ কাকলিত মুখৰিত হৈ পৰে নগাঁও চহৰৰ মাজেৰে পাৰ হৈ যোৱা কলং নৈৰ বাকৰি নেহৰুবালি। নেহৰুবালিত সাংস্কৃতিক গোষ্ঠী আৰু নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হৈ থকা নগাঁও গ্ৰন্থমেলাৰ আজি ষষ্ঠ দিনা প্ৰায় ছয় শতাধিক শিশুৱে পুৱাৰ ভাগতে ভিৰ কৰি গ্ৰন্থমেলাস্থলীত এক ওখল-মাখল পৰিবেশৰ সৃষ্টি কৰে।
কল্লোলৰ প্ৰতিষ্ঠাপক সভাপতি মাধৱানন্দ মহন্তৰ শ্ৰদ্ধাৰ্ঘ অনুষ্ঠান আজি গ্ৰন্থমেলাস্থলীত 'শিশুৰ দিন' হিচাপে পালন কৰা হয়। এই অনুষ্ঠানত শিশুৰ মাজত চিত্ৰাংকন, কবিতা আবৃত্তি,সাধুকোৱা, আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়।
এই অনুষ্ঠান উদ্ধোধন কৰি সাহিত্য অকাডেমি বটা প্ৰাপক বিশিষ্ট সাংবাদিক দিগন্ত ওজাই শিশুসকলৰ মানসিক উৎকৰ্ষ সাধনৰ বাবে কল্লোলে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ শিশুসকলক নিজৰ নিজৰ ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শনৰ বাবে ঐকান্তিকভাবে প্ৰয়াস কৰি যাবলৈ আহ্বান জনায়।
অনুষ্ঠানত চাৰিশতাধিক শিশুৱে চিত্ৰাংকন প্ৰতিযোগিতা, শতাধিক কৈ শিশুৱে আকস্মিক বক্তৃতা, সাধুকোৱা, কবিতা আবৃত্তি প্ৰতিযোগিতাত অংশগ্ৰহণ গ্ৰহণ কৰে। বিয়লি প্ৰসিদ্ধ লেখক, গীতিকাৰ ইদ্ৰিছ আলিৰ সৈতে এক মননশীল মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত বিশিষ্ট গায়িকা দুৰ্গাময়ী ভূঞা বৰা, অঞ্জলি কটকীয়ে সুৰৰ সহযোগী হিচাবে অংশগ্ৰহণ কৰে। বিয়লিৰ এই অনুষ্ঠান গীতে মাতে জীপাল হৈ পৰে। সন্ধিয়া মুকলি কুইজ অনুষ্ঠিত হোৱাৰ পিছত অৰুণ দাস সোৱৰণী অনুষ্ঠান অনুষ্ঠিত হয়।
এই অনুষ্ঠানত লোকশিল্পী গুণ শইকীয়া সংগীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অনুষ্ঠান পৰিবেশন কৰে। আজি গ্ৰন্থমেলাস্থলীত কল্লোল প্ৰকাশনে প্ৰকাশ কৰা বল্লদেৱ মহন্ত প্ৰণীত উজুপাঠৰ প্ৰথম খণ্ড, 'মানস কুমাৰ মহন্তৰ সংকলন' আৰু সম্পাদিত চামচুল হুদাৰ 'ডুমডুমীয়াৰ স্থান' আৰু গীতাৰ্থী হাজৰিকাৰ 'খেলিধুলি শিকো আমি মিলিজুলি' গ্ৰন্থ উন্মোচন কৰা হয়।