চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান...

চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান...
চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান...

ডিজিটেল সংবাদ বেবেজীয়াঃ বৃহত্তৰ চৰাইবাহী অঞ্চলৰ অগ্ৰণী বেচৰকাৰী শিক্ষানুষ্ঠান চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয়টো দিন ৷ বিদ্যা ভাৰতীৰ শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তীৰ বৰ্ষযোৰা কাৰ্যসূচীৰ অন্তত ২ জানুৱাৰীৰ পৰা ৩ নিদিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইবাহী ছহিদ তিলক ডেকা স্মৃতি ভৱনত আৰম্ভ হৈছে সামৰণি অনুষ্ঠান ৷

সামৰণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮-৪৫ বজাত নিকেতনখনৰ প্ৰধান আচাৰ্য ভাগ্যৰাম নাথে বন্তি প্ৰজ্বালন কৰাৰ পিছতে আচাৰ্য-আচাৰ্যাসকলৰ দ্বাৰা সৰস্বতী বন্দনা আৰু বিদ্যালয় সংগীত পৰিৱেশন কৰা হয় । দিনৰ ১০ বজাত বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়।

নিকেতনৰ ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে শুভ উদ্বোধন কৰা শুভাযাত্ৰাত চৰাইবাহী অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা শংকৰী কলা, কৃষ্টিৰ বিষয়বস্তু উপস্থাপন কৰাৰ লগতে নিকেতনখনৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰত মাতা, শংকৰদেৱ, মাধৱদেৱ, শিৱ পাৰ্বতী, নাম-প্ৰসংগ, কংস ৰজাৰ কাৰাগাৰ , শিশু কৃষ্ণ , তিৱা কৃষ্টি দল , ভাৱৰীয়া , আয়তী বায়তী আদি বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি এই শোভাযাত্ৰাত প্ৰতিফলিত হয় ।

ইয়াৰ পিছতে বিয়লি ৩ বজাৰ পৰা বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান “ ৰূপালী আবেলি ” অনুষ্ঠান অনুষ্ঠিত হয় । এই অনুষ্ঠানটি শুভ উদ্বোধন কৰে চৰাইবাহী অঞ্চলৰ বিশিষ্ট অভিনেতা কমল বৰদলৈয়ে ৷

সন্ধিয়া ৫ বজাত পুনৰ ২৫ গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ২৫ গছি বন্তি প্ৰজ্বলন কৰা হয় । সন্ধিয়া ৬ বজাৰ পৰা আমন্ত্ৰিত অসমৰ প্ৰবীন শিল্পীসকলৰ সংগীতানুষ্ঠান অনুষ্ঠিত হয়। মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শুভ উদ্বোধন কৰা অনুষ্ঠানটিত গীত পৰিৱেশন কৰে অসমৰ বৰেণ্য শিল্পী জে. পি দাস, মণিষা হাজৰিকা, মালবিকা বৰা, শান্তা উজিৰ, সদানন্দ গগৈ, নমিতা ভট্টাচাৰ্য, সন্ধ্যা মেনন, কুইন দাস আৰু ড° সংগীতা কাকতিয়ে ৷

উল্লেখ যে, বৃহস্পতিবাৰে পুৱা বন্তি পজলন , সৰস্বতী বন্দনা পৰিবেশনৰ পিছত " শিক্ষা ব্যৱস্থাত ভাৰতীয় জ্ঞান পৰম্পৰা " শীৰ্ষক এখনি আলোচনা চক্ৰ অনুষ্ঠিত হ'ব । দুপৰীয়া মুকলি সভা, গ্ৰন্থ উন্মোচন আৰু সন্ধিয়া লৈ সাংস্কৃতিক অনুষ্ঠানত কল্পনা পাটোৱাৰী আৰু ৰিচা ভৰদ্বাজে সংগীত পৰিবেশন কৰিব ।

চৰাইবাহী শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান...
অসম গ্ৰন্থমেলাৰ বাকৰিত প্ৰশান্ত কুমাৰ দাস, মনোজলাল গগৈ আৰু চিত্ৰা শৰ্মাৰ গ্ৰন্থ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in