/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/8c4a1168-c1c6-4b09-a62a-039e5a6afb42/silarai.jpg)
ডিমৌ চাৰিআলিত বিশ্বমহাবীৰ চিলাৰায়ৰ জন্ম জয়ন্তী উৎসৱৰ লাইখুঁটা স্থাপন...
ডিজিটেল সংবাদ বেবেজীয়াঃ অসমৰ ভূমিপুত্ৰ তথা শৌৰ্য-বীৰ্যৰ প্ৰতীক 'বিশ্ব মহাবীৰ চিলাৰায়ৰ' ৫১৪ সংখ্যক জন্ম জয়ন্তী দিৱসটি সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ যৌথ উদ্যোগত আৰু নগাঁও আৰু মৰিগাঁও জিলা কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ সহযোগত কেন্দ্ৰীয়ভাৱে অহা ২৪ ফেব্ৰুৱাৰীত ডিমৌ চাৰিআলিত অনুষ্ঠিত হ'ব। সেই উপলক্ষে শুকুৰবাৰে উখল মাখল পৰিবেশত ডিমৌ চাৰিআলিৰ খেলপথাৰত লাইখুঁটা স্থাপন অনুষ্ঠান অনুষ্ঠিত হয়।
লাইখুঁটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি তথা সমাজকর্মী ললিত ডেকাই। অনুষ্ঠানত কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ৰাতুল কুমাৰ ৰাজবংশী, সুভাষ ডেকা, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি শিৱ নাৰায়ণ বৰা, পৰেশ চন্দ্ৰ ডেকা, পংকজ বৰা, পৰেশ চন্দ্ৰ ডেকা, মুৰুলী মজুমদাৰকে প্ৰমূখ্য কৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে কোচ-ৰাজবংশী ছাত্ৰ-সন্থাৰ নগাঁও মৰিগাঁও জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, ২৪ ফেব্ৰুৱাৰীৰ পুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্জ্বলন আদিৰ পিচতে উলিওৱা হ'ব এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। দুপৰীয়া অনুষ্ঠিত হ'ব মুকলি সভা। মুকলি সভাত অসম সাহিত্য সভাৰ সভাপতি, আছুকে ধৰি ৰাজ্যৰ বহুকেইটা জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰিব।
অনুষ্ঠানতে চিলাৰাই দিৱসৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থও উন্মোচন কৰা হ'ব। চিলাৰাই দিৱসৰ উপলক্ষে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।
Also Read: টেষ্ট ক্ৰিকেটত ৫০০ উইকেট সম্পূৰ্ণ ৰবিচন্দ্ৰন অশ্বিনৰ...