/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/830316h1/sensua-10.jpg)
শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন
ডিজিটেল সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ শেনচোৱাত অৱস্থিত শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষ সামৰণি অনুষ্ঠানৰ আজি লাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয় ৷ লাইখুঁটা স্থাপন এই অনুষ্ঠানত উপস্থিত থাকে নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/3rig306w/81155302-9924-41d8-8c83-f71d2a6efb85.jpg)
অনুষ্ঠানত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই কয়- চাওতে চাওতে শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনে ২৫ টা বৰ্ষ গৰকীলে ৷ এই ২৫ টা বৰ্ষত নিকেতনত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে বৰ্তমান সমাজৰ বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়াই আছে। কিছু সংখ্যাকে অন্য শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে ৷ শেনচোৱা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ আচাৰ্য-আচায্যাসকলে ছাত্ৰ-ছাত্ৰীসকলক কেৱল হাইস্কুল বা উচ্চতৰ মাধ্যমিক শ্ৰেণীত ভাল ফলাফল দেখুৱাৰ বাবেহে শিক্ষা প্ৰদান কৰি আহিছে তেনে নহয়৷ প্ৰকৃতাৰ্থত এজন সুনাগৰিক হ'ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক এইসকল আৰ্চায -আৰ্চায্যাই পাঠ দানৰ লগতে নৈতিক শিক্ষা প্ৰদান কৰি আছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/pch6bsoy/6db09a5a-7966-41df-919f-4273287905a0.jpg)
বৃহত্তৰ শেনচোৱা অঞ্চলত বিগত ২৫ বছৰে শৈক্ষিক ক্ষেত্ৰত বিশেষ বৰঙনি আগবাঢ়োবা শেনচোৱা শংকৰদেব শিশু বিদ্যা নিকেতনৰ আজিৰ এই লাইখুঁটা স্থাপন অনুষ্ঠানত নিকেতনৰ প্ৰধান আচাৰ্য পংকজ নাথ, বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতিদ্বয় জগন্নাথ মহন্ত,তৰুণ মহন্ত, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সুনীল চন্দ্ৰ নাথ,সমাজকৰ্মী পুস্পেন্দ্ৰ হাজৰিকা, শেনছোৱা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ৰাজীৱ বৰা, বিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক ৰাজু বৰাকে ধৰি নিকেতনৰ আচাৰ্য,আচাৰ্যাসকল, নিকেতনৰ পৰিচালনা সমিতিৰ সদস্য, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ব্যক্তিসকল উপস্থিত থাকে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-10/4k5tv19d/4cee1729-ba76-474e-b12c-cbc654f0f9df.jpg)
অনুষ্ঠানৰ আঁতধৰে স্মৃতিগ্ৰন্থ উপ সমিতিৰ সভাপতি জ্ঞানজিৎ নাথে। উল্লেখ্য যে আজিৰ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি নিকেতনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা আচাৰ্যৰ দ্বাৰা ৰূপালী জয়ন্ত বৰ্ষৰ ওপৰত বাণীবদ্ধ হোবা নিকেতনৰ শীৰ্ষ সংগীতটি "জ্ঞানৰ বন্তিৰে" উন্মোচন কৰে বিধায়ক শৰ্মাই ৷ গীতটোৰ ৰচক শিক্ষয়িত্ৰি ৰনি ভূঞা শইকীয়া, শিল্পী সুৰকাৰ বিমল ডেকা, সুনয়না হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠানটি অহা ২৫, ২৬ আৰু ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব।
Also Read: সপ্তমী পূজাত উদ্বোধন ওদালগুৰিৰ ৰাজহুৱা দুৰ্গা মণ্ডপৰ আটকধুনীয়া তোৰণ...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us