জুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : মুৰ্মূৰ্ষু অৱস্থাত পথৰ দাঁতিত পেলাই গ'ল যুৱকক

জুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : মুৰ্মূৰ্ষু অৱস্থাত পথৰ দাঁতিত পেলাই গ'ল যুৱকক

author-image
Asomiya Pratidin
New Update
মাজুলীৰ চিকিৎসালয়ত চাঞ্চল্যকৰ ঘটনা, এগৰাকী মহিলাক সালিনতা হানিৰ চেষ্টা…

ডিজিটেল ডেস্ক : নগাঁৱৰ জুৰীয়াত সংঘটিত হৈছে চাঞ্চল্যকৰ ডকাইতি কাণ্ড। নিচাযুক্ত দ্রব্য খুৱাই লুটপাত এজন যুৱকক।

Advertisment

জানিব পৰা মতে যুৱকজনৰ পৰা লুটি নিলে নগদ ধন আৰু ম’বাইল ফোন। অৱশ্যে কিমান পৰিমাণৰ ধন লুটি নিছে সেই সন্দৰ্ভত এতিয়ালৈকে জানিব পৰা হোৱা নাই।

অচিনাক্ত দুৰ্বৃত্তই ভুক্তভোগী যুৱকজনক মুৰ্মূৰ্ষু অৱস্থাত পথৰ দাঁতিত পেলাই থৈ যোৱা বুলি জানিব পৰা গৈছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে লখিমপুৰৰ পৰা নগাঁৱলৈ নৈশ বাছত আহিছিল যুৱকজন।

নিশা নগাঁৱত নামি জুৰীয়ালৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰি নগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰে।

Also Read: আশা-নিৰাশাৰ দোমোজাত বন্দী ৰিয়ান : শৃংখলা দখলৰ যুঁজত আজি জিম্বাব’ৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়া

nagaon police Assam police