শোকাতুৰ পৰিৱেশত শেষ বিদায় মহেশ চন্দ্ৰ দাসৰ

শোকাতুৰ পৰিৱেশত শেষ বিদায় মহেশ চন্দ্ৰ দাসৰ

ডিজিটেল সংবাদ, নগাঁওঃ অন্তিম শয়নত জ্যেষ্ঠ অধিবক্তা মহেশ চন্দ্ৰ দাস ৷ গুৱাহাটীত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰা দাসৰ নশ্বৰদেহ শনিবাৰে নিশা নগাঁৱৰ হয়বৰগাঁৱৰ বাসভৱনত উপস্থিত হোৱাৰ পিছত দেওবাৰৰ পুৱাৰ পৰা অগনন গুণমুগ্ধই ভিৰ কৰে প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ বাসভৱন ৷

পুৱা ১০ বজাত দাসৰ মৃতদেহ লৈ যোৱা হয় বিনাপানী নাট্য মন্দিৰলৈ ৷ ১৯৬২ চনৰে পৰা প্ৰয়াত দাস বিনাপানী নাট্য মন্দিৰৰে জড়িত আছিল । নাট্যমন্দিৰ চৌহদত দাসক শেষ শ্ৰদ্ধা জনোৱা হয় ৷ ইয়াৰ পিছতে হয়বৰগাঁও নামঘৰ চৌহদত শেষ শ্ৰদ্ধা জ্ঞাপন কৰা হয় ৷ প্ৰয়াত জাতীয়তাবাদী নেতা মহেশ চন্দ্ৰ দাসক শেষ শ্ৰদ্ধা জনোৱা হয় নগাঁও জিলা অগপ কাৰ্যালয়ত ৷ ইয়াৰ পিছতে নগাওঁ উকিল সন্থাৰ কাৰ্যালয়ৰ চৌহদলৈ নিয়া হয় দাসৰ নশ্বৰদেহ ৷ উকিল সন্থাৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধা জনাই নগাঁও উকিল সন্থাৰ বিষয়ববীয়াসকলে ৷

দিনৰ ১২ বজাত তেলিয়াপট্টিৰ হয়বৰগাঁও শ্মশানত সৎকাৰ কৰা হয় প্ৰয়াত মহেশ চন্দ্ৰ দাসৰ নশ্বৰ দেহ ৷ অগনন লোকৰ উপস্থিতিত দাসৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈ পৰে ৷

শোকাতুৰ পৰিৱেশত শেষ বিদায় মহেশ চন্দ্ৰ দাসৰ
ঢকুৱাখনাত কেন্দ্ৰীয় ভাৱে মে-ডাম মে-ফী উদযাপনৰ প্ৰস্তুতি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in