Advertisment

নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা জ্যোতিৰিন্দ্ৰ মোহন গোস্বামী আৰু নাই...

নগাঁৱৰ বিশিষ্ট তথা জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীৰ (৮৭)  নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়।

author-image
Asomiya Pratidin
New Update
নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা জ্যোতিৰিন্দ্ৰ মোহন গোস্বামী আৰু নাই...

ডিজিটেল সংবাদ,নগাঁও: নগাঁৱৰ বিশিষ্ট তথা জ্যেষ্ঠ অধিবক্তা, সমাজকৰ্মী জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীৰ (৮৭)  নগাঁও চহৰৰ ফৌজদাৰীপট্টিস্থ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়। অসমৰ এগৰাকী প্ৰখ্যাত অধিবক্তা তথা লেখক প্ৰয়াত ৰাধিকা মোহন গোস্বামীৰ পুত্ৰ  জ্যোতিৰিন্দ্ৰ মোহন গোস্বামীয় নগাঁও আদালতত ৫০ বছৰৰো অধিক কাল অধিবক্তা হিচাপে সেৱা আগবঢ়াইছিল।

Advertisment

অধিবক্তা হিচাপে সেৱা আগবঢ়োৱাৰ লগতে বিভিন্ন সামাজিক-সাংস্কৃতিক আদি কামকাজৰ লগত জড়িত আছিল। তেওঁ এসময়ত নগাঁও উকীল সন্থাৰ সাধাৰণ সম্পাদক ,উপ-সভাপতি, সভাপতি আদিৰ দ্বায়িত্ব পালন কৰিছিল।

তেওঁ নগাঁও কলা মন্দিৰৰ সভাপতিও আছিল। নগাঁৱৰ ঐতিহ্যমণ্ডিত সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ লগত জড়িত আছিল। গোস্বামীৰ মৃত্যুত নগাঁও উকীল সন্থা, নগাঁও কলা মন্দিৰ,সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি আদি বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান আদিয়ে গভীৰ শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁ তিনিগৰাকী বিবাহিত কন্যাসহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।

নগাওঁ