অসম দিৱস উপলক্ষে কেইৰ্ণ আৰু ফিজীহাৰ উদ্যোগত আলোচনা চক্ৰ সম্পন্ন

অসম দিৱস উপলক্ষে আজি সন্ধিয়া অনুষ্ঠিত হয় এখন অনলাইন আলোচনা চক্ৰ। আলোচনা চক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই অংশগ্ৰহণ কৰে। কেইৰ্ণ আৰু ফিজীহাৰ উদ্যোগত এই আলোচনা চক্ৰ।

author-image
Asomiya Pratidin
New Update
অসম দিৱস উপলক্ষে কেইৰ্ণ আৰু ফিজীহাৰ উদ্যোগত আলোচনা চক্ৰ সম্পন্ন

ডিজিটেল সংবাদ, বটদ্ৰৱা: অসম দিৱস উপলক্ষে আজি সন্ধিয়া অনুষ্ঠিত এখনি অনলাইন আলোচনা চক্ৰত ৰাজ্যৰ কেইবাগৰাকী গৱেষক, বিশেষজ্ঞই অসমৰ আৰ্থ সামাজিক অৱস্থাৰ উত্তৰনৰ বাবে নতুন প্ৰজন্মই আধ্যাত্মিক আৰু সাংস্কৃতিক দিশসমূহ হৃদয়ংগম কৰি অঞ্চলৰ প্ৰাকৃতিক আৱদান সমূহৰ সৎ ব্যৱহাৰ কৰি কৰ্মৰে স্বাৱলম্বী হলে প্ৰগতিৰ পথত অগ্ৰসৰ হ'ব বুলি প্ৰকাশ কৰে। কেইৰ্ণ আৰু ফিজীহা (Forum for Indian Journalists, Environment, Health & Agriculture) ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সংস্কাৰ অসমৰ সত্ৰ পৰম্পৰা আৰু বিবৰ্তন শীৰ্ষক আলোচনাচক্ৰখনিত ইতিহাসবিদ, শিল্পী, সাহিত্যিক, সাংবাদিক, ছাত্ৰ-ছাত্ৰী সকলে অসমৰ সত্ৰসমূহৰ চহকী ঐতিহ্য আৰু সাংস্কৃতিৰ অৰ্থ সামাজিক বিবৰ্তনৰ বিষয়ে আলোকপাত কৰে। 

অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত মূল ভূমিকা পালন কৰা, শ্ৰীমন্ত শংকৰদেৱে প্ৰতিষ্ঠা কৰা সত্ৰসমূহৰ তাৎপৰ্যক কেন্দ্ৰ কৰি আলোচনা কৰা হয়। সাংবাদিক, লিখক দিব্য জ্যোতি বৰুৱাই আঁত ধৰি অধিৱেশনত অসমৰ আত্মনিৰ্ভৰশীলতাৰ ক্ষেত্ৰত সাংস্কৃতিক সংৰক্ষণৰ ভূমিকাক গুৰুত্ব আৰোপ কৰাৰ লগতে সত্ৰ সমূহ কেৱল আধ্যাত্মিক কেন্দ্ৰ নহয়, শিল্প, সংগীত, সমাজ সংস্কাৰ, সমাজ সেৱাৰ কেন্দ্ৰ, গৌৰৱৰ প্ৰতীক আৰু ভৱিষ্যতৰ বাবে পথ প্ৰদৰ্শক হিচাপে আলোকপাত কৰে।

আৰ্থ-সামাজিক উন্নয়নৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বৰুৱাই এই কথাত গুৰুত্ব আৰোপ কৰে যে, অঞ্চলবাসীৰ সবলীকৰণৰ বাবে ঐতিহ্য আৰু প্ৰগতিৰ ভাৰসাম্যৰ প্ৰয়োজন। কেইৰ্ণ (অইল এণ্ড গেছ)ৰ নৰ্থ-ইষ্টৰ সঞ্চালক অৰুণাভ পৰাশৰে ঐতিহ্য সংৰক্ষণৰ সৈতে অগ্ৰগতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।

তেওঁ অসমৰ সাংস্কৃতিক পটভূমি বিশেষকৈ সত্ৰসমূহক ৰাজ্যৰ পৰিচয়ৰ স্তম্ভ হিচাপে কেইৰ্ণৰ দায়বদ্ধতাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অসমৰ আত্মনিৰ্ভৰশীলতা আৰু উন্নয়নৰ দিশত কৰা যাত্ৰাক সন্তোষজনক বুলি প্ৰকাশ কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰা সত্ৰৰ উৎপত্তিৰ সন্ধান কৰি, অসমীয়া ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনৰ গুৰুত্বপূৰ্ণ কেন্দ্ৰলৈ সত্ৰৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰি বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড০ বীনা কলিতাই প্ৰজন্মৰ পৰা প্ৰজন্মৰ মাজেৰে প্ৰচলিত হৈ থকা  অসমৰ সামাজিক আৰু সাংস্কৃতিক দিশত সত্ৰৰ প্ৰভাৱৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

পাণ্ডুলিপি বিশেষজ্ঞ মৃদু মৌচম বৰাই সত্ৰসমূহৰ ঐতিহ্য সংৰক্ষণৰ বাবে  শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ সৈতে সহযোগিতাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি চহকী ইতিহাস আৰু শিক্ষাক সুৰক্ষিত কৰাৰ বাবে নৱপ্ৰজন্মক আহ্বান জনায়। সত্ৰীয়া নৃত্যৰ বিৱৰ্তনৰ ওপৰত আলোকপাত কৰি জনপ্ৰিয় সত্ৰীয়া নৃত্যশিল্পী তথা গৱেষক ড০ অন্বেষা মহন্তই অসমৰ সাংস্কৃতিক পৰিচয় অটুট ৰাখিবলৈ ইয়াৰ ধ্ৰুপদী মৰ্যাদা আৰু আধুনিকীকৰণৰ মাজত ইয়াৰ পৰম্পৰাগত সত্তাক সংৰক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ডিজিটেল মাধ্যম, গল্প কোৱা, কৰ্মশালা, আৰু সাংস্কৃতিক উৎসৱৰ জৰিয়তে যুৱক-যুৱতীসকলক তেওঁলোকৰ ঐতিহ্যৰ সৈতে সংযোগ কৰাৰ বিষয়ে আলোচনা কৰে ৰয়েল গ্ল’বেল ইউনিভাৰ্চিটিৰ পৰা ড০ সাস্বতী বৰদলৈ আৰু টিংকু মনি দাসে।

বটদ্ৰৱা আলোচনা চক্ৰ