/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/464597c0-c88c-43b2-aafb-9d0f3e65d54f/Nagaon.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁও প্ৰেছ ক্লাবত দেওবাৰে শঙ্খধ্বনি হাজৰিকা ভৰালীৰ অনুবাদ গ্ৰন্থ 'দ্বিতীয় বুদ্ধ' উন্মোচন কৰা হয় ৷ সাহিত্য অকাডেমী বঁটা বিজয়ী উদয় থুলুঙৰ নেপালী ভাষাৰ নিৰ্বাচিত কবিতা অসমীয়া ভাষালৈ অনুবাদ কৰি শঙ্খধ্বনি হাজৰিকা ভৰালীয়ে এই গ্ৰন্থখন ৰচনা কৰিছে৷
বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্য, সমালোচক প্ৰভাত বৰাই ৷ নিজৰ ভাষণত সমালোচক গৰাকীয়ে কয় যে, "সাহিত্য সৃষ্টি আৰু অনুবাদ সাহিত্য ইটো সিটোৰ পৰিপূৰক ৷ অনুবাদ সাহিত্যৰ জৰিয়তে আমি বিশ্বৰ বিভিন্ন সাহিত্যৰ বিষয়ে উপলব্ধি কৰিব পাৰো৷" সংস্কৃত ভাষাৰ প্ৰসঙ্গ উল্লেখ কৰি সমালোচক বৰাই কয় যে- উত্তৰ ভাৰতৰ তুলনাত দাক্ষিণাত্যৰ ভাষা সংস্কৃতিত সংস্কৃত শব্দৰ প্ৰভাৱ বেছি ৷
তেওঁ লগতে কয় যে, মালয়ালম ভাষাত সংস্কৃত শব্দৰ প্ৰয়োগ বেছি যদিও অসমীয়া ভাষাত ইয়াৰ প্ৰয়োগ শক্তিশালী নহয় ৷ অনুবাদে মূল সাহিত্যৰ পৰা সাহিত্যক পৃথকীকৰণ কৰে বুলি এক তাপৰ্য্যপূৰ্ণ মন্তব্য কৰে। সভাপতিৰ ভাষনত সাহিত্যিক উপেন্দ্ৰ বৰকটকীয়ে সাহিত্যৰ বিভিন্ন দিশ উল্লেখ কৰি কয় যে-' বিভিন্ন অনুবাদ সাহিত্যই অসমীয়া সাহিত্য ভৰাললৈ উল্লেখনীয়া অৱদান আগবঢ়াইছে ৷"
নীলাভ সৌৰভে আঁতধৰা অনুষ্ঠানত অধ্যাপক ড° মহেশ্বৰ হাজৰিকা, শিক্ষাবিদ কৃষ্ণ দুলাল বৰুৱা, অধ্যাপক ক্ৰমে নিত্যানন্দ পাটনায়ক, ড° অজিত ভৰালীকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷ শঙ্খধ্বনি হাজৰিকা ভৰালীৰ মঙ্গলা চৰণৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় ৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে ৷
Also Read: চি.ই.এৰ সোৱণশিৰি প্ৰকল্প পৰিদৰ্শন: বান ভূমিস্খলনকো আওকান কৰি নিৰ্মাণ হ’ল নদীবান্ধ...