বুঢ়াচাপৰি অভয়াৰণ্যত বনকৰ্মী আৰু বেদখলকাৰীৰ মাজত মাৰপিট

বুঢ়াচাপৰি অভয়াৰণ্যত বনকৰ্মী আৰু বেদখলকাৰীৰ মাজত মাৰপিট

author-image
Asomiya Pratidin
New Update
বুঢ়াচাপৰি অভয়াৰণ্যত বনকৰ্মী আৰু বেদখলকাৰীৰ মাজত মাৰপিট

ডিজিটেল সংবাদ,নগাঁও : লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত পুনৰ বেদখলকাৰীৰ দৌৰাত্ম ৷ দেওবাৰে বুঢ়াচাপৰি আৰিমাৰি বন শিবিৰ এলেকাত বন ভূমি বেদখল মুক্ত কৰিবলৈ গৈ বনকৰ্মী পৰিল বেদখলকাৰীৰ ৰোষত।

Advertisment

বেদখলকাৰীৰ আক্ৰমণত আহত হ'ল এজন বনকৰ্মী। আহত বনকৰ্মী হেমন্ত চাংমাই।ইতিমধ্যে বনকৰ্মীগৰাকীক দগাওঁ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে বুঢ়াচাপৰি অভয়াৰণ্যৰ ভুমি উচ্ছেদ হোৱাৰ পিছৰ পৰা একাংশ দালালৰ ছত্ৰছায়াত একাংশ লোকে অভয়াৰণ্যৰ ভুমি পুনৰ বেদখল কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Also Read: গীতৰ মাজেৰে লওঁ পণ...

assam forest