/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/cdbf8f42-48f3-454b-90be-7f05ab5e49ce/9.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা: নগাঁও জিলাৰ জাজৰি অঞ্চলৰ অগ্ৰনী শিক্ষানুষ্ঠান গ্ৰীণভেলী পাব্লিক স্কুলৰ উদ্যোগত মঙলবাৰে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান প্ৰদৰ্শনী আৰু প্ৰতিযোগিতা অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানতে পুস্প আৰু ঔষধি গছ ৰোপণ, ইয়াৰ উপকাৰীতা বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদান কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/810995ac-cf59-4f27-8831-d2c26ca6b40c/6f703d1c-8cc8-41b1-9c28-8e4d499828b7.jpg)
অনুষ্ঠানত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি বেদাং পল্লৱ শইকীয়াই "ছাত্ৰ ছাত্ৰীৰ বৌদ্ধিক বিকাশৰ বাবে গ্ৰীণভেলী পাব্লিক স্কুলে গ্ৰহণ কৰা এনে পদক্ষেপে সুদূৰপ্ৰসাৰী প্ৰভাৱ বিস্তাৰ কৰিব।" বুলি ভাষণ প্ৰদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত শিক্ষক তথা সমাজকৰ্মী ইমদাদুৰ ৰহমান, পঞ্জাৱ নেশ্যনেল বেংকৰ শাখা পৰিচালক ৰূপম সাহা, সমাজকৰ্মী আব্দুছ চাত্তাৰ, আফতাব উদ্দিন আহমেদ, শিক্ষক নীলপৱন বৰুৱা, মৃগেন শৰ্মা, পুলিন বৰা, মঞ্জুল কটকীকে আদি কৰি ছাত্র-ছাত্ৰী, অভিভাৱক-আভিভাবিকা আৰু শিক্ষক শিক্ষয়িত্ৰীসকল উপস্থিত থাকে।
Also Read: সাংবাদিক পবিত্ৰ বৰালৈ জয়ছিং হাঞ্চে স্মাৰক বঁটা...