উৎকট গৰমঃ নগাঁৱত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি...

গৰমৰ বাবে নগাঁৱত বিদ্যালয়সমূহত পাঠদানৰ সময়সূচী সলনি । এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে ।
উৎকট গৰমঃ নগাঁৱত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি...

ডিজিটেল ডেস্কঃ গৰমৰ বাবে নগাঁৱত বিদ্যালয়সমূহত পাঠদানৰ সময়সূচী সলনি । এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে । প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীসমূহৰ পাঠদান আৰম্ভ হ'ব পুৱা ৭বাজি ৩০ মিনিটৰ পৰা । দুপৰীয়া ১২ বাজি ১৫ বজালৈ চলিব পাঠদান ।

মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদান চলিব পুৱা ৭বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১২বাজি ৪৫ মিনিটলৈ । উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্য়ালয়ৰ পাঠদান পুৱা ৭বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১বাজি ১৫ মিনিটলৈ চলিব পাঠদান । তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ মানিবলৈ জিলা প্ৰশাসনে জাৰি কৰিছে নিৰ্দেশনা ।

উৎকট গৰমঃ নগাঁৱত বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি...
অসমক লাগে এজন স্বতন্ত্ৰ গৃহমন্ত্ৰীঃ বীৰ লাচিত সেনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in