/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-20/712inuaf/SCHOOL-20.jpg)
গৰমে দহিছে ৰাজ্যঃ গুৱাহাটীত সলনি বিদ্যালয়ৰ পাঠদানৰ সময়...
ডিজিটেল সংবাদ, নগাঁও: পাৰাস্তম্ভৰ মাত্ৰা অত্যাধিক উচ্চ হোৱাৰ পৰিপ্ৰেক্ষিতত হোৱা উৎকট গৰমৰ পৰিপ্ৰেক্ষিতত ২৩ ছেপটেম্বৰ অৰ্থাৎ সোমবাৰৰ পৰা পৰা কাৰ্যকৰী হোৱাকৈ নগাঁও জিলাৰ সকলোবোৰ শিক্ষানুষ্ঠানৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে।
আজি জিলা উপায়ুক্তৰ অনুমোদন সাপেক্ষে নগাঁও সংমণ্ডল বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথে মেমো নম্বৰ আই এছ/এন ডি চি/এ এ পি/এম আই এছ চি/২০২৩/২৫০৭-এ মৰ্মে জিলাখনৰ সকলোবোৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠদান ২৩ ছেপ্টেম্বৰৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১১.৩০বজালৈ, এম ই স্কুলৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২ বজালৈ আৰু হাইস্কুল/উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা দুপৰীয়া ১২.৩০ বজালৈকে নিৰ্ধাৰণ কৰি দিছে।
এই নিৰ্দেশৰ আওঁতাত প্ৰতিখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানো থাকিব। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত জিলাখনৰসমূহ শিক্ষানুষ্ঠানৰ পাঠদানৰ সূচী এইমতে চলাই থাকিবলৈ নিৰ্দেশটোত কোৱা হৈছে।
Also Read: নিবনুৱা সমস্যা, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰৱ আপৰ নৱ নিযুক্ত সভাপতি ধানোৱাৰ...