/asomiyapratidin/media/media_files/2024/12/05/i3dkK9vOWHYyODcKmbLh.jpg)
ডিজিটেল সংবাদ, কলিয়াবৰঃ বৃহস্পতিবাৰে ঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত জিলিকি উঠিছে নগাঁও জিলাৰ কলিয়াবৰৰ সোনাৰীগাঁৱৰ সপ্তদীপ বৰুৱা। ঘোষিত ফলাফল অনুসৰি অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সপ্তদীপ বৰুৱাই লাভ কৰে ৪৮ সংখ্যক স্থান।
উল্লেখ্যে যে বিগত বৰ্ষত সপ্তদীপৰ পিতৃ সুজিৎ কুমাৰ চাংমাই বৰুৱাৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হৈছিল। পিতৃৰ মৃত্যুৰ তিলনিৰ দিনাই সপ্তদীপ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল।
প্ৰয়াত সুজিৎ চাংমাই বৰুৱা আৰু লক্ষ্মীপ্ৰিয়া গগৈৰ পুত্ৰ সপ্তদীপে লোকসেৱা আয়োগৰ পৰীক্ষাত অসম গাণনিক সেৱাত ৪৮ সংখ্যক স্থান লাভ কৰি গাঁওখনৰ লগতে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।
তেওঁ এই সন্দৰ্ভত কয় যে, ফলাফল লাভ কৰি খুব ভাল লাগিছে। ইয়াৰ বাবে কষ্ট কৰিছিলোঁ। এতিয়া সফলতা অৰ্জন কৰাত আনন্দিত হৈছো। এই পৰীক্ষাত সফলতাৰে সপ্তদীপ উত্তীৰ্ণ হোৱাত স্বাভাৱিকতে গাঁৱৰ লোক সকলৰ মাজত আনন্দৰ লহৰ উঠিছে।