শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ শুভাৰম্ভণী

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ শুভাৰম্ভণী

author-image
Asomiya Pratidin
New Update
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাট সমাৰোহৰ শুভাৰম্ভণী

ডিজিটেল সংবাদ, কামপুৰঃ কামপুৰত শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৫৭৫ তম গুৰু জয়ন্তী আৰু নাট সমাৰোহ। এই নাটসমাৰোহ  ১ অক্টোবৰলৈ অনুষ্ঠিত হ'ব।

Advertisment

সমাৰোহৰ প্ৰথম দিনটো পুৱা ৬ বজাত সেৱা বাহিনীৰ দ্বাৰা পৰিৱেশ নিকাকৰন কাৰ্যসূচীৰে আৰম্ভ হয়। এই  কাৰ্যসূচীৰ পিছতেই প্ৰাতঃপ্ৰসংগ অনুষ্ঠিত হয় । তাৰপাছতেই দিনৰ ১১ বজাত কামপুৰ জিলা শাখাৰ নামঘৰত নাম-প্ৰসংগ অনুষ্ঠিত  হয়। বিয়লি ৩ বজাত কামপুৰ জিলা শাখাৰ নামঘৰত নাট সমাৰোহৰ উদ্বোধনী সভাখন অনুষ্ঠিত হয়।

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই নাট উদ্বোধন কৰা অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সম্পাদক প্ৰৱিত্ৰ প্ৰাণ বৰাকে আদি কৰি কেবাগৰাকী শংকৰী সাধক উপস্থিত থাকে। সন্ধিয়া ৬ বজাৰ পৰা কামপুৰ জিলা শাখাৰ নামঘৰত অনুষ্ঠিত হোৱা জুমুৰা নাট সমাৰোহ অনুষ্ঠানত অংশগ্ৰহণ কৰে লখিমপুৰ জিলা(নাট: ভোজন বেহাৰ), কামপুৰ জিলা(নাট: চোৰধৰা)আৰু  মৰিগাঁও জিলাই(নাট: ভূমি লেটোৱা)। এই জুমুৰা নাট চাবলৈ সংঘৰ নামঘৰত যথেষ্ট সংখ্যক ভক্তপ্ৰাণ ৰাইজ সমবেত হয়।

Also Read: টাইম নাই !

sankardev sangha