চামগুৰি নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ভয়ংকৰ পৰিণতিঃ সংঘাতত প্ৰাণ গ'ল বিজেপি কৰ্মীৰ

চামগুৰি নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ভয়ংকৰ পৰিণতিঃ সংঘাতত প্ৰাণ গ'ল বিজেপি কৰ্মীৰ

author-image
Asomiya Pratidin
New Update
চামগুৰি নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ভয়ংকৰ পৰিণতিঃ সংঘাতত প্ৰাণ গ'ল বিজেপি কৰ্মীৰ

ডিজিটেল সংবাদ,চামগুৰিঃ চামগুৰিৰ নিৰ্বাচনী হিংসাই লৈছে ভয়ংকৰ ৰূপ। ৰকিবুল হুছেইনৰ পুত্ৰ তথা চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইনৰ মনোনয়ন যাত্ৰাৰ সময়ত ৰণক্ষেত্ৰত পৰিণত হৈছিল চামগুৰিৰ ৰাজপথ। বিজেপিৰ সভাৰ কাষেৰে কংগ্ৰেছৰ সমদল পাৰ হৈ যাওঁতেই দুই পক্ষৰ সমৰ্থকৰ মাজত সংঘাতৰ সৃষ্টি হৈছিল। 

Advertisment

সেই সংঘাততে প্রাণ গ’ল এজন বিজেপি কৰ্মীৰ। কংগ্রেছ-বিজেপিৰ সংঘাতত মৃত্যু হোৱা বিজেপি কৰ্মীজন বিপুল শইকীয়া বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে ভগামূৰত হোৱা সংঘাতৰ সময়তে আঘাতপ্রাপ্ত হৈছিল বিপুল শইকীয়া। নিহত বিপুল শইকীয়াৰ ঘৰ নগাঁও জিলাৰ বাজিয়াগাঁৱত।

Also Read: উৰুখা পঁজাতে সাতামপুৰুষীয়া বৃত্তিক জীয়াই ৰখাৰ সংগ্ৰাম দুটি পৰিয়ালৰ...

samoguri bjp congress conflict samoguri bjp