ঐতিহাসিক চামগুৰি বিলত উপঙিছে কুইণ্টলে কুইণ্টেলে মাছ...

ঐতিহাসিক চামগুৰি বিলত উপঙিছে কুইণ্টলে কুইণ্টেলে মাছ...

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক চামগুৰি বিলত উপঙিছে কুইণ্টলে কুইণ্টেলে মাছ...

ঐতিহাসিক চামগুৰি বিলত উপঙিছে কুইণ্টলে কুইণ্টেলে মাছ...

ডিজিটেল সংবাদ চামগুৰিঃ ঐতিহাসিক চামগুৰি বিলত অথন্তৰ। বিলৰ পানীত উপঙিছে হাজাৰ হাজাৰ মাছ। বিলৰ পনীত উপঙি থকা মাছ কেইবা কুইণ্টল হোৱাৰ কথা প্ৰকাশ।

Advertisment

জানিব পৰা মতে বিলৰ পানীত বিষাক্ত দ্ৰৱ্য মহিলাই একাংশ দুৰ্বৃত্তই মাছ মৰাৰ অপচেষ্টা চলাইছে। এই সন্দেহ কৰিছে বিলখনৰ মহলদাৰে।

উল্লেখ্য যে পূৰ্বে বহু কেইবাৰ দিনৰ ভাগতে মাছৰ চোৰাং চিকাৰিয়ে বিলখনত মৎস্য চিকাৰ কৰি বিলখনৰ যথেষ্ট ক্ষতি কৰিছিল। স্থানীয় আৰক্ষীয়ে বিলখনৰ নিৰাপত্তাৰ বাবে পহৰা দিছিল যদিও এনে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

আৰক্ষীৰ সন্মুখতে চোৰাং চিকাৰীয়ে মৎস্য চিকাৰ কৰি বিলখনৰ ক্ষতি কৰি আহিছে। এনে পৰিস্থিতিত মীন বিভাগেও ঐতিহাসিক এই বিলখনৰ সুৰক্ষা আৰু উন্নয়নৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন হৈছে।

Also Read: ওৰে নিশা উজাগৰে পাৰ কৰিলে কামপুৰৰ ৰাইজে...

চামগুৰি