/asomiyapratidin/media/media_files/2025/06/04/NH08iR99NYt6LAXWcDXs.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ দক্ষিণ পূব দিশত অৱস্থিত তথা বটদ্ৰৱা শলগুৰি সত্ৰৰ শশধৰ আতাই নকৈ স্থাপন কৰা ঐতিহ্যমণ্ডিত শলগুৰি সত্ৰ নসত্ৰ কীৰ্তনঘৰত অহা ৮ জুনত দিনজোৰা কাৰ্যসূচীৰে গোসাঁই উলিওৱা মহোৎসৱ অনুষ্ঠিত হ'ব।
সেইদিনা পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, আইসকলৰ নাম, খোল প্ৰসঙ্গ, দুপৰীয়া নামপ্ৰসংগ, সন্ধিয়া বন্তি প্ৰজ্বলন আদি বিভিন্ন কাৰ্যসূচীৰ অন্তত নিশা নসত্ৰ নৱজ্যোতি যুৱক সংঘই 'ৰাৱন বধ' ভাওনা পৰিবেশন কৰিব। ইফালে নসত্ৰ কীৰ্তনঘৰ পৰিচালনা সমিতিৰ সম্পাদক প্ৰমোদ চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে, ঈশ্বৰ তুল্য বুলি সত্ৰই মানি অহা গুৰুজনাৰ সাগৰজুলি বস্ত্ৰ, গুৰুজনাৰ পাদুকা, গুৰুজনাৰ পদশিলা, চতুৰ্ভুজ বিষ্ণু মূৰ্তি, গৰুড়পক্ষীৰ মূৰ্তি আদি সত্ৰৰ সম্পদসমূহৰ ভক্তপ্ৰাণ ৰাইজক দৰ্শনৰ বাবে মনিকূটৰ বাহিৰত স্থাপন কৰা হ'ব।
শলগুৰি সত্ৰ নসত্ৰ কীৰ্তনঘৰত অনুষ্ঠিত হ'বলগীয়া গোঁসাই উলিওৱা মহোৎসৱৰ সকলো কাৰ্যসূচীতে ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে পৰিচালনা সমিতিয়ে।