বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক-সাংবাদিক সহজানন্দ ওজাৰ শেষকৃত্য সম্পন্ন

বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক-সাংবাদিক সহজানন্দ ওজাৰ শেষকৃত্য সম্পন্ন

ডিজিটেল সংবাদ, নগাঁওঃ বিশিষ্ট ক্ৰীড়া সংগঠক, শিক্ষাবিদ, সাংবাদিক, অসম ক্ৰিকেট সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক সহজানন্দ ওজাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে নগাঁও। সোমবাৰে নিশা মৃত্যু হোৱা সহজানন্দ ওজাৰ নশ্বৰ দেহ মঙলবাৰে পুৱা নগাঁও ক্ৰীড়া সংস্থাৰ কাৰ্যালয়লৈ নিয়া হয়। য'ত নগাঁও ক্ৰীড়া সংস্থাৰ লগতে নগাঁৱৰ বিভিন্ন ক্লাব-অনুষ্ঠান, সংগঠন আদিয়ে তেওঁৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

এই উপলক্ষে অনুষ্ঠিত শোক সভাত নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি, বিধায়ক ৰূপক শৰ্মাই বিশিষ্ট ক্ৰীড়া সংগঠকগৰাকীৰ সান্নিধ্য লাভ কৰাৰ কথা উল্লেখ কৰি কয় যে- সহজানন্দ ওজাৰ মৃত্যু নগাঁও বাসীৰ বাবে অপূৰণীয় ক্ষতি। অসমৰ ক্ৰীড়া ক্ষেত্ৰখনৰ বাবেও এক বৃহৎ ক্ষতি। সংস্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাই শোক সভাৰ আঁত ধৰি সহজানন্দ ওজাই ক্ৰীড়া ক্ষেত্ৰৰ বাবে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি কয় যে- নগাঁও ক্ৰীড়া সংস্থাৰ ইনড'ৰ ষ্টেডিয়াম নিৰ্মাণত সহজানন্দ ওজাৰ গুৰুত্বপূৰ্ণ অৱদান আছিল। তেওঁৰ মৃতদেহত নগাঁও ক্ৰীড়া সংস্থা আৰু অসম ক্ৰিকেট সংস্থাৰ পতাকা অৰ্পণ কৰা হয়।

ইয়াৰ পিছতে বহু সংখ্যক গুণমুগ্ধৰ উপস্থিতিত আমোলাপট্টি শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। সহজানন্দ ওজাৰ মৃত্যুত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, সাংসদ প্ৰদ্যুৎ বৰদলৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, গিৰীন্দ্ৰ কুমাৰ বৰুৱা, প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা, নগাঁও জিলা বিজেপি, নগাঁও জিলা অগপ, নগাঁও জিলা কংগ্ৰেছ, আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়, অসম বিজ্ঞান সমিতিৰ নগাঁও শাখা, কল্লোল সাংস্কৃতিক গোষ্ঠী, নগাঁও জিলা বাৰ্তাজীৱী সংঘ, নগাঁও জিলা সাংবাদিক সন্থা, সদৌ নগাঁও জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিকে ধৰি বিভিন্ন অনুষ্ঠান, সংগঠন আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

বিশিষ্ট শিক্ষাবিদ-ক্ৰীড়া সংগঠক-সাংবাদিক সহজানন্দ ওজাৰ শেষকৃত্য সম্পন্ন
নগাঁৱত "বিশ্ব মানসিক স্বাস্থ্য দিৱস" উদযাপন

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in