বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ ৰঙালী উৎসৱ...

বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত বৰভেটি গাঁৱৰ যুৱক, যুৱতী সকলৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ ৰঙালী উৎসৱ...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰৱা বৰভেটি শ্ৰী শ্ৰী মাধৱ দেৱ পুথিভঁৰাল সমিতিৰ সৌজন্যত বৰভেটি গাঁৱৰ যুৱক, যুৱতী সকলৰ সহযোগত আজিৰে পৰা দুদিনীয়াকৈ ৰঙালী উৎসৱ উদযাপন কৰা হৈছে। কাৰ্যসূচী অনুসৰি ৩ মে'ৰ পুৱা ৯ বজাত পতাকা উত্তোলন কৰে ৰঙালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰাই।

Advertisment

১২ বজাত গাঁৱৰ নামঘৰত বছৰটোৰ কুশল মংগল কামনা কৰি নাম কীৰ্তন কৰা হয়। বিয়লি ৪ বজাত বিহুতলীত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়। ৫ বজাৰ পৰা কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সাংবাদিক জনপ্ৰিয় কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই পৰিচালনা কৰা আকৰ্ষণীয় কুইজ প্ৰতিযোগিতাখনিত বটদ্ৰৱা সৰুহিছা, বৰহিছা, বৰভেটি, ধিং অঞ্চলৰ অৰ্ধশতাধিক শিশু, কিশোৰে অংশ গ্ৰহণ কৰে।

কুইজ প্ৰতিযোগিতাত কৃষ্ণ মনি বৰা আৰু চিন্ময় বৰাই প্ৰথম স্থান, কৃতিকল্প দেৱ নাথ আৰু সুদীপ্ত শইকীয়াই দ্বিতীয়, 
দিব্যজ্যোতি শইকীয়া আৰু অচ্যুত বৰাই তৃতীয় স্থান লাভ কৰে। নিশা ১০ বজাত বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰিতুপৰ্ণ বনিয়াই মঞ্চ উদ্বোধনৰ পাছত উদযাপন সমিতিৰ সম্পাদক জয়ন্ত কুমাৰ বৰুৱাই আঁত ধৰা অনুষ্ঠানত একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ইফালে কাইলৈ পুৱাৰ পৰা বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ পিছত দুপৰীয়া ১ বজাত মুকলি সভা আৰু বঁটা বিতৰণী সভা, নিশা ৮ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত কন্ঠশিল্পী সমৰ কাশ্যপ আৰু শিখা কলিতাই গীতৰ শৰাই আগবঢ়াব।

ৰঙালী বিহু বটদ্ৰৱা