ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ...

ৰকিবুল হুছেইন আজি ৰূপহীহাটত দুৰ্বৃত্তৰ ধাৰা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, গুণাবাৰীৰ কংগ্ৰেছ কৰ্মী সভালৈ গৈছিল সাংসদগৰাকী।

author-image
Asomiya Pratidin
New Update
ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ...

ডিজিটেল ডেস্কঃধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আজি ৰূপহীহাটত দুৰ্বৃত্তৰ ধাৰা আক্ৰমণৰ সন্মুখীন হ’বলগীয়া হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। উল্লেখ্য যে, গুণাবাৰীৰ এখন কংগ্ৰেছ কৰ্মী সভালৈ গৈছিল সাংসদগৰাকী।

মটৰ চাইকেলেৰে যোৱা সাংসদগৰাকীক  ৰূপহীহাটত একাংশই ক’লা পতাকা দেখুৱাই। তাৰ মাজতে কেইবাজনো দুৰ্বৃত্তই মুখত ক’লা কাপোৰ বান্ধি সাংসদগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

মুখত ক’লা কাপোৰ বান্ধি অহা দুৰ্বৃত্তই প্ৰথমে সাংসদগৰাকীক প্ৰহাৰ কৰাৰ পাছত তেওঁৰ সুৰক্ষীকৰ্মীকো দলবদ্ধভাৱে আক্ৰমণ কৰে।

পৰৱৰ্তী সময়ত পৰিস্থিতিত পৰি সাংসদগৰাকীৰ দেহৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। এই ঘটনাত আহত হৈছে সাংসদগৰাকীৰ লগতে  তেওঁৰ দেহৰক্ষীগৰাকী। অৱশ্যে বৰ্তমান পৰিস্থিতি নিয়ন্ৰিত ত যদিও অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। 

ৰকিবুল হুছেইন ৰূপহীহাট