আইন সকলোৰে বাবে সমান: চৰকাৰী বাহনক বিহিলে জৰিমনা...

আইন ভঙ্গ কৰিলে আৰক্ষীৰ বাহনে : চৰকাৰী গাড়ীয়ে ভৰিব লগীয়া হ'ল জৰিমনা...
আইন সকলোৰে বাবে সমান: চৰকাৰী বাহনক বিহিলে জৰিমনা...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱত যান-বাহন আইন নমনা এখন বাহন ৷ মন গ’লেই চালকে পথৰ কাষতে গাড়ী ৰখাই থোৱাৰ ফলত সৃষ্টি হয় যান-জঁটৰ ৷ যান-বাহন নিয়ন্ত্ৰণৰ দায়িত্বত থকা আৰক্ষীয়ে বাধা দিলে চালকে ওলোটায় ধমক দিয়াৰো পৰিলক্ষিত হয়।

পিছে শুক্ৰবাৰে গাড়ী খনত লাগিল হুইল ক্লেম্প ৷ নগাঁৱত ৰহা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সম্প্ৰীতি হাজৰিকাৰ চৰকাৰী আৰক্ষী গাড়ীত হুইল ক্লেম্প লগালে নগাঁও যান-বাহন আৰক্ষীয়ে ৷ নগাঁও চহৰৰ বিশাল মেগা মাৰ্টৰ ওচৰৰ এ এছ ৩০ ৮৮১২ নম্বৰৰ গাড়ীখন পথৰ ওপৰতে ৰখাই চালক নোহোৱা হয় ৷ প্ৰায় এঘন্টা ধৰি পথৰ ওপৰত গাড়ী থৈ চালক নোহোৱা হোৱাত সৃষ্টি হয় ব্যাপক যান-জঁট ৷ এই সন্দৰ্ভত বিষয়টো স্থানীয় লোকে অৱগত কৰে নগাঁও যান বাহন শাখাৰ আৰক্ষীক ৷

যান বাহন আৰক্ষীয়ে এ এছ ৩০ ৮৮১২ নম্বৰৰ গাড়ীৰ চালকক বিচাৰি হাহাকাৰ কৰে ৷ স্থানীয় লোকে দাবী কৰিলে হুইল ক্লেম্প লগাবলৈ ৷ কিছু সময়ৰ অন্তত চালক অহাত জনালে যে, গাড়ী থৈ বাইদেউৰ বাবে বজাৰ কৰিবলৈ গৈছিল চালক ৷ পিছে ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাইজে দাবী জনালে চালকৰ পৰা জৰিমনা ল'বলৈ ৷ যান বাহন আইনৰ অধীনত ভাৰতীয় দণ্ডবিধি আইনৰ ১৭৯(১)ধাৰাৰ অধীনত দুহেজাৰ টকা জৰিমনা বিহা হয় উক্ত বাহন খনক ৷

তাৎপৰ্যৰ বিষয় এই যে, ৰহা আৰক্ষী থানাৰ বাবে গৃহ বিভাগে যোগান ধৰা গাড়ী একাংশ বিষয়াই কেনেদৰে ব্যৱহাৰ কৰি আহিছে সেই কথা এই ঘটনাই প্ৰতিপন্ন কৰিছে ৷ চৰকাৰী গাড়ী ৰহাৰ পৰা নগাঁও চহৰলৈ আনি ব্যক্তিগত বজাৰ সমাৰত নিয়োজিত কৰাৰ কথা এই ঘটনায়ে পোহৰলৈ আনে ৷

আইন সকলোৰে বাবে সমান: চৰকাৰী বাহনক বিহিলে জৰিমনা...
বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁইলৈ ‘ৰণাংগন সন্মান-২০২২’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in