মৰিকলঙৰ ডকাইতিত জড়িত ২জনক গ্ৰেপ্তাৰ : উদ্ধাৰ বৃহৎ পৰিমাণৰ আ- অলংকাৰ

মৰিকলঙৰ ডকাইতিত জড়িত ২জনক গ্ৰেপ্তাৰ : উদ্ধাৰ বৃহৎ পৰিমাণৰ আ- অলংকাৰ

ডিজিটেল ডেস্কঃ নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডত জড়িত ২ ডকাইতক গ্রেপ্তাৰ আৰক্ষীৰ। সোমবাৰে নিশা নগাঁৱৰ ছোটৰহয়বৰগাঁৱৰ কুটায়নিত অভিযান চলাই আৰক্ষীয়ে। এই অভিযানত অভিযানত মইনুল হক নামৰ ডকাইতটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী।

এই অভিযানত ডকাইত মইনুল হকৰ ঘৰৰ পৰা মাটি পুতি থোৱা অৱস্থাত লুটি নিয়া সোণৰ আ-অলংকাৰ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। আনহাতে সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড নাৱাজ উদ্দিনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। গুৱাহাটীৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত গ্রেপ্তাৰ কৰা হয় নাৱাজ উদ্দিনক।

উল্লেখ্য যে, মাইনুল আৰু নৱাজৰ লগতে আন এজনে মিলি নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত চুৰি, ডকাইতি আদিৰ দৰে দুষ্কাৰ্য সংঘটিত কৰি আহিছিল ৷ জানিব পৰা মতে, নাৱাজ উদ্দিন পেশাত এজন গাড়ী চালক৷ গাড়ী চলোৱাৰ সময়ত যাত্ৰীৰ ঘৰুৱা তথ্য লৈ আন ২ সতীৰ্থৰে আলোচনা কৰি দলটোয়ে চুৰি বা ডকাইতি কাৰ্য সংঘটিত কৰি আহিছিল৷

ডকাইতৰ দলটোয়ে বিশেষকৈ মৰিকলং, কচলুখোৱা, চোটহয়বৰ এলেকাত দুষ্কাৰ্য সংঘটিত কৰি আহিছিল৷ দিন দিয়েক পূৰ্বে দলটোয়ে মৰিকলঙৰ এগৰাকী শিক্ষয়িত্ৰীৰ ঘৰত পুৱা ভাগত ডকাইতি কাৰ্য সংঘটিত কৰি এ টি এম , সোণৰ আ-অলংকাৰ আদি লুটি লৈ গৈছিল ৷

তিনিজনীয়া দলটোৰ নৱাজে লুটি নিয়া এ টি এম কাৰ্ডেৰে ৰহাৰ এটা এ টি এমত ১৯ হাজাৰ টকা উলোৱাৰ পিছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে৷ আৰক্ষীৰ তদন্তৰ ভিত্তিতেই সোমবাৰে নিশা অভিযান চলাই ২ ডকাইতক আটক কৰিবলৈ সক্ষম হয় আৰক্ষী।

ধৃত নাৱাজ উদ্দিনৰ ঘৰ উত্তৰ বেঙেনাআটিত আৰু মাইনুল হকৰ ঘৰ চোটহয়বৰৰ কোটায়নিত বুলি জানিব পৰা গৈছে। ইয়াৰ বিপৰীতে বৰ্তমানেও আত্মগোপন কৰি আছে ঘটনাৰে জড়িত আন এজন ডকাইত। উক্ত ডকাইতজনক কৰায়ত্ত কৰিবলৈ অব্যাহত আছে আৰক্ষীৰ অভিযান।

মৰিকলঙৰ ডকাইতিত জড়িত ২জনক গ্ৰেপ্তাৰ : উদ্ধাৰ বৃহৎ পৰিমাণৰ আ- অলংকাৰ
মিজোৰামত দ্বিতীয় দিনা কি কি কাৰ্যসূচী ৰাহুল গান্ধীৰ ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in