কামপুৰ-কচুৱা পথত দুৰ্ঘটনা : গুৰুতৰভাৱে আহত এজন

কামপুৰ-কচুৱা পথত দুৰ্ঘটনা : গুৰুতৰভাৱে আহত এজন

author-image
Asomiya Pratidin
New Update
কামপুৰ-কচুৱা পথত দুৰ্ঘটনা : গুৰুতৰভাৱে আহত এজন

ডিজিটেল সংবাদ, কামপুৰঃ মঙলবাৰে কচুৱা থানাৰ অন্তৰ্গত কামপুৰ -কচুৱা গড়কাপ্টানি পথৰ সোনাৰুগুৰীত এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হয় । জানিব পৰা মতে, এখন বাইকে তীব্ৰ বেগত আহি এখন ৰৈ থকা টাটামোবাইল বাহনত খুন্দিওৱাৰ ফলত এই ভয়ানক দুৰ্ঘটণাটো সংঘটিত হয়।

Advertisment

দুৰ্ঘটনাটোত বাইক আৰোহীজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। লগে লগে স্থানীয় ৰাইজে কচুৱা থানাত বিষয়টো অৱগত কৰাত বাইক আৰহী জনক কচুৱা মডেল হস্পিতাললৈ প্ৰেৰণ কৰা হয় ।

জানিব পৰা মতে, বাইক আৰহীজন লংকাৰ ডাবলঙৰ যদিও নাম বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই। টাটামোবাইলৰ বাহনখনৰ পঞ্জীয়ন নম্বৰ এএচ ০১ এচি ২৫৩১ আৰু বাইক খনৰ পঞ্জীয়ন নম্বৰ এএচ ০৯ জে ৯৩৪০। আঘাটপ্ৰাপ্ত যুৱকজনৰ লগত দুটা মুবাইল হেণ্ডচেট আৰু ২৫ হাজাৰ টকা পোৱা বুলি জনা গৈছে।

road accident