পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...

পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...
পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...road accident

ডিজিটেল সংবাদ বেবেজীয়াঃ আজি নগাঁও জিলাৰ বেবেজীয়া সমীপৱৰ্তী শেনচোৱাৰ আকাশ হুণ্ডাইৰ সন্মুখত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হয়। দুৰ্ঘটনাত নিহত যুৱকজন বেবেজীয়া জামুগুৰিৰ ভদ্ৰেশ্বৰ নাথৰ পুত্ৰ বিদ্যুৎ নাথ বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, আজি দিনৰ প্ৰায় দুই বজাত এ এছ ০২ এ এইছ ১৯১১ মটৰচাইকেলখনেৰে যুৱকজন তীব্ৰ বেগেৰে নগাঁও চহৰৰ পৰা গৃহভিমুখে আহি থকা অৱস্থাত শেনচোৱা আকাশ হুণ্ডাইৰ সন্মুখত এটা বৈদ্যুতিক খুঁটাত খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাতো সংঘটিত হয়।

দুৰ্ঘটনাত আহত যুৱকজনক লগে লগে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও গুৰুতৰ ভাৱে আহত যুৱকজনক কিছু সময়ৰ পাছতে মৃত্যু হয়।

পথ দুৰ্ঘটনাত বেবেজীয়া জামুগুৰি যুৱকৰ মৃত্যু...
নগাঁও ছোৱালী মহাবিদ্যালয়লৈ শ্ৰেষ্ঠ মহাবিদ্যালয়ৰ সন্মান...

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in