Advertisment

কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনাত ৩ শ্ৰমিক নিহতঃ ১৫ জন গুৰুতৰভাৱে আহত

কলিয়াবৰৰ আমনিত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি শ্ৰমিকে প্ৰাণ হেৰুৱাব লগা হয়। এখন ট্ৰাকে শ্ৰমিক কঢ়িয়াই নিয়া পিক আপ ভানত খুন্দিওৱাৰ ফলতে এই দুৰ্ঘটনা।

author-image
Asomiya Pratidin
New Update
কলিয়াবৰত শোকাবহ পথ দুৰ্ঘটনাত ৩ শ্ৰমিক নিহতঃ ১৫ জন গুৰুতৰভাৱে আহত

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰৰ আমনিত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত তিনি শ্ৰমিকে প্ৰাণ হেৰুৱাব লগা হয়। জানিব পৰা মতে, ট্ৰাক আৰু শ্ৰমিক কঢ়িয়াই নিয়া টাটা ম'বাইলৰ সংঘৰ্ষৰ ফলতেই অনাকাংক্ষিত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ।

Advertisment

দুৰ্ঘটনাটোত পিক আপ ভানখনত কঢ়িয়াই নিয়া যন্ত্ৰ -পাতি সহ ১৫ জন শ্ৰমিক গুৰুতৰ ভাৱে আহত হয় ৷ আহতসকলক জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ লগতে চামগুৰি, নগাঁও আৰু তেজপুৰলৈ প্ৰেৰণ কৰিছে ।  

ঘটনাৰ বিৱৰনী মতে,মিছাত ছাদ ধালাইৰ কাম কৰি এ এছ ০২ বি চি ৮৯৩০ নম্বৰৰ পিক আপ ভানখনৰে ১৮ গৰাকী শ্ৰমিক নগাঁঁৱৰ গৃহাভিমুখী হোৱাৰ পথত একে দিশে অভিমুখী এ এছ ০৭ বি চি ৩৪৫০ নম্বৰৰ ট্ৰাকখনে পিক আপখনৰ পিছ ফালে খুন্দিওৱাৰ ফলত পিক আপ ভানখন পথৰ দাঁতিত বাগৰি পৰে ৷

ফলত দুৰ্ঘটনাটোত ৩ জন শ্ৰমিকৰ মৃত‍্যু হয় । মৃত তিনিজন ক্ৰমে জীয়াৰুল ইছলাম, আছমত আলী, কিবিয়া আলম । তিনিওৰে ঘৰ চামগুৰিৰ মোৱামাৰীত। দুৰ্ঘটনাটোৰ ফলত মোৱাৱাৰী অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

পথ দুৰ্ঘটনা কলিয়াবৰ