/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/fbc64fcb-e5d3-4ae1-9fd7-843f00098de6/samaguri.jpg)
নিশা ব্যৱসায়ীক প্ৰতিষ্ঠানত ডাম্পাৰৰ খুন্দাঃ দোকান, বাহন বিধ্বস্ত...
ডিজিটেল সংবাদ চামগুৰিঃ নিশা নগাওঁ জিলাৰ বঢ়মপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। অবৈধভাৱে মাটি কঢ়িয়াই অনা এখন ডাম্পাৰে খুন্দা মাৰি ভাঙি চুৰমাৰ কৰিলে এখন ব্যৱসায়ীক প্ৰতিষ্ঠান।
বঢ়মপুৰ ৰাজ্যিক চিকিৎসালয়ৰ সন্মুখত সংঘটিত হয় এই দুৰ্ঘটনা। ইফালে এই দুৰ্ঘটনাত ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ লগতে ডাম্পাৰখনৰো যথেষ্ট ক্ষতি হৈছে।
স্থানীয় ৰাইজৰ সন্দেহ অনুসৰি সুৰা সেৱন কৰি বাহনখন চলাই নিছিল চালকে। আনহাচে ঘন কুঁৱলীও দুৰ্ঘটনাৰ আন এক কাৰণ বুলি সন্দেহ কৰিছে।
ইফালে এই দুৰ্ঘটনাৰ পিছতে বন বিভাগৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নগাওঁ বন বিভাগক মেনেজ কৰি একাংশই অবৈধভাৱে নিশাৰ ভাগত মাটি সৰবৰাহ কৰি আহিছে।
সমান্তৰালকৈ পৰিবহণ বিভাগো মেনেজ হোৱাৰ অভিযোগ উঠিছে। ৰাইজৰ অভিযোগ একাংশ ভূ-মাফিয়াৰ পকেটত সোমাইছে জিলাখনৰ বন বিভাগ আৰু পৰিবহণ বিভাগৰ বিষয়া কৰ্মচাৰী।
Also Read: চন্দ্ৰপুৰত ৰে'লে মহটিয়াই নিলে ৬ টাকৈ পশুধনঃ নিহত গৰাকী...
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us