/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/b8ef975e-236f-423a-87c8-d631c52c77dd/Accident.jpg)
ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয়৷
তেলৰ টেংকাৰত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো ৷ ঘটনাস্থলীত বেবেজীয়া আৰক্ষী উপস্থিত হৈ ইতিমধ্যেই তদন্ত আৰম্ভ কৰিছে । ঘটনাস্থলীৰ পৰা মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷
উল্লেখ্য যে, এই পৰ্যন্ত নিহত যুৱকজনৰ পৰিচয় লাভ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে ম'বাইলৰ পৰা পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ৷ অৱশ্যে নিহত যুৱকজন গুৱাহাটীৰ বুলি সন্দেহ প্ৰকাশ আৰক্ষীৰ ৷
Also Read: প্ৰকাশ পালে বন্যহস্তী মৃত্যুৰ তথ্য...