/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/5a2ba18b-969e-4a02-ad82-78703006a6de/7.jpg)
ডিজিটেল সংবাদ,নগাঁও : পুত্ৰৰ বিবাহৰ বাবে নিমন্ত্ৰন জনাবলৈ গৈ সকৰুণ মৃত্যুক সাৱটিলে লক্ষীৰাম বৰাই ৷ প্ৰাক্তন সেনা জোৱান বৰাই পুত্ৰৰ বিয়াৰ বাবে ঘৰৰ পৰা ওলাই অহাৰ পিছতে নগাঁৱৰ উৰিয়াগাঁৱৰ বাইপাচ চকত দুৰ্ঘটনাত পতিত হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/10a76dd2-1371-498c-94c7-f5cfa3a1a0eb/ad7aea74_5528_49de_8f9f_685d437d37ba.jpg)
মঙলবাৰে দিনৰ ভাগত এ এছ ০২ বি ৪৬৯৬ নম্বৰৰ বাইকখন চলাই থকা লক্ষীৰাম বৰাক এ এছ ০২ ইউ ৯৯১৩ নম্বৰৰ মাৰুতী গাড়ীখনে খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় ৷ গাড়ীৰ খুন্দাত বৰা মটৰ চাইকেলৰ পৰা চিটিকি পৰি মূৰত আঘাত পায়৷
আঘাত গুৰুতৰ হোৱাত ব্যক্তিজনক নগাঁৱৰ পৰা গুৱাহাটীলৈ উচ্চ চিকিৎসাৰ বাবে লৈ যোৱা হয় যদিও চিকিৎসাধীন অৱস্থাতে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে বাৰাই ৷
উৰিয়াগাঁৱৰ মাজগাঁও নিবাসী লক্ষীৰাম বৰাৰ সকৰুন মৃত্যুৰ ঘটনাই শোঁকৰ ছাঁ পেলাইছে উৰিয়াগাঁৱত ৷ জানিব পৰা মতে বৰাৰ মৃতদেহটি বৃহস্পতিবাৰে মৰনোত্তৰ পৰীক্ষা কৰি উৰিয়াগাঁৱৰ মাজগাঁৱৰ বাসভৱনলৈ অনা হ'ব ৷