নগাঁৱৰ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল যুৱকৰ

নিহত যুৱকজন গুৱাহাটীৰ বুলি সন্দেহ
নগাঁৱৰ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল যুৱকৰ

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ বেবেজীয়াৰ মাহৰিআটিত শোকাৱহ পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহী থিতাতে নিহত হয় ৷ তেলৰ টেংকাৰত খুন্দা মৰাৰ ফলত এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷

জানিব পৰা অনুসৰি, নিহত যুৱকজন গুৱাহাটীৰ বুলি সন্দেহ ৷ অৱশ্যে যুৱকজনৰ কোনো পৰিচয় লাভ কৰা নাই ৷ বেবেজীয়াৰ আৰক্ষীয়ে নিহত যুৱকজনৰ ম'বাইলৰ পৰা পৰিচয় উদ্ধাৰৰ বাবে চেষ্টা চলাই আছে ৷ বৰ্তমান মৃতদেহটি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে ৷

নগাঁৱৰ শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ'ল যুৱকৰ
এফালে শৃংখলা দখল, আনফালে সমতা স্থাপনৰ যুঁজত ভাৰত-অষ্ট্ৰেলিয়া

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in