মিছাত ভয়াৱহ পথ দুৰ্ঘটনাঃ ডিভাইদাৰত খুন্দিয়াই নিহত এজন

মিছাত ভয়াৱহ পথ দুৰ্ঘটনাঃ ডিভাইদাৰত খুন্দিয়াই নিহত এজন

author-image
Asomiya Pratidin
New Update
মিছাত ভয়াৱহ পথ দুৰ্ঘটনাঃ ডিভাইদাৰত খুন্দিয়াই নিহত এজন

ডিজিটেল সংবাদ, কলিয়াবৰঃ কলিয়াবৰ মহকুমাৰ মিছা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দেওবাৰে নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে বিলাসী বাহনে। দুৰ্ঘটনাটোত এজন আৰোহীৰ মৃত্যু ঘটাৰ লগতে এজন গুৰুতৰ ভাৱে আহত হয় ।

Advertisment

জানিব পৰা মতে, কলিয়াবৰৰ মিছাৰ চাৰিলেনযুক্ত পথৰ ডিভাইদাৰত খুন্দা মাৰে নগাঁও দিশৰ পৰা কলিয়াবৰ অভিমুখী এ এছ ০২ এ কিউ ৯২৫৮ নম্বৰৰ RENAULT TRIBER বাহন খনে। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ডিভাইদাৰত খুন্দা মাৰি বাগৰি পৰে বাহনখন। প্ৰচণ্ড খুন্দাৰ ফলত বাহন খনত অগ্নিসংযোগ হয়।

স্থানীয় লোকে অগ্নি নিৰ্বাপন কৰি বাহনখনৰ দুজন লোকক উদ্ধাৰ কৰি কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। চিকিৎসকে ইতিমধ্যে এজন লোকক মৃত ঘোষণা কৰিছে। নিহত জনৰ পৰিচয় বৰ্তমানলৈকে লাভ কৰা নাই। আহতজন ৰঞ্জিত বৰা বুলি চিনাক্ত।

Also Read: গুৰুজনাৰ ৫৭৬সংখ্যক আর্ৱিভাব মহোৎসৱ উদযাপন

road accident at Misa