নগাঁৱত ৭০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ্দেশ

নগাঁৱত ৭০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
নগাঁৱত ৭০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিৰুদ্দেশ

ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁৱৰ জিলাৰ খুটিকটিয়াৰ নিৰ্বাসী ৭০ উৰ্দ্ধৰ অৱসৰপ্ৰাপ্ত শিক্ষক টংকেশ্বৰ শইকীয়া মৰিগাঁও চেন্টিকেটৰ পৰা যোৱা ৬ ছেপ্টেম্বৰৰ দিনৰ প্ৰায় ১১ মান বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। যাক লৈ সম্প্ৰতি চিন্তিত হৈ পৰিছে শিক্ষকজনৰ পৰিয়ালৰ লোক।

Advertisment

ঘটনা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে হয়বৰগাঁও থানাত এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানো লোকজনৰ কোনো সন্ধান বিচাৰি পোৱা নাই।

যদি কোনে সদাশয় ব্যক্তিয়ে টংকেশ্বৰ শইকীয়া নামৰ বৃদ্ধ অৱসৰপ্ৰাপ্ত শিক্ষকজনৰ কোনো সন্ধান পায় তেন্তে ৭০৮৬৫৬৩৭২১ / ৬০০০৮৫০৪৯৯/ ৯৩১৩৯৩০৯৩৪ নম্বৰত পৰিয়ালৰ লোকে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

Also Read: শুকুৰ আলি !

missing case