কামপুৰ-ৰহাত ৰীমালৰ প্ৰভাৱঃ পৰিস্থিতিৰ বুজ ল'লে জিলা আয়ুক্তই

কামপুৰ-ৰহাত ৰীমালৰ প্ৰভাৱঃ পৰিস্থিতিৰ বুজ ল'লে জিলা আয়ুক্তই

ডিজিটেল সংবাদ, নগাঁওঃ সাগৰীয় ঘূৰ্ণী বতাহ "ৰীমাল"ৰ প্ৰভাৱৰ ফলত হোৱা মুষলধাৰ বৰষুণে জিলাখনৰ কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি কৰিছে। যাৰ ফলত কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২৩খন গাওঁ আৰু ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত ১৪ খন গাওঁ বানৰ কবলত পৰিছে। আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তেতেলীসৰা পতিয়াপাম, ৰমনী পথাৰ আদিকে ধৰি বানত প্লাবিত হোৱা বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ উপৰিও স্থানীয় জনসাধাৰণৰ লগত মত বিনিময় কৰে আৰু সংশ্লিষ্ট কৰ্তৃপক্ষক যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি জনসাধাৰণক নিৰাপত্তা প্ৰদানৰ বাবে নিৰ্দেশ প্ৰদান কৰে।

তেখেতৰ এই পৰিদৰ্শন সময়ছোৱাত অতিৰিক্ত আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্য্যবাঁহী বিষয়া ফিলিছ ভি.এল.এইছ. হ্ৰংচাল, কামপুৰ ৰাজহ চক্ৰ বিষয়া অনন্যা লহকৰ, কাননগো,গাওঁপ্ৰধান ,জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ বিষয়া-কৰ্মচাৰীৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ছাত্র-ছাত্ৰীসকলৰ জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত জিলা আয়ুক্তই কামপুৰ ৰাজহ চক্ৰ অন্তৰ্গত বানাক্ৰান্ত অঞ্চলৰ ৩৯খন বিদ্যালয় বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে।

বানাক্ৰান্ত ৰাইজৰ বাবে কামপুৰ ৰাজহ চক্ৰত অন্তৰ্গত পদুমণি মোক্তাব প্ৰাথমিক বিদ্যালয়ত এটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। জিলা প্ৰশাসনে বান সাহায্য খৰতকীয়াকৈ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰাৰ বাবে ব্যৱস্থা কৰিছে। বানাক্ৰান্ত অঞ্চলত চিকিৎসা শিবিৰৰ লগতে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। জীৱ-জন্তুৰ বাবে পশু খাদ্য বিতৰণ কৰাৰ লগতে পশু চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰা হৈছে।

বান পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ সকলো বিভাগক সাজু থাকিবলৈ লগতে বানপীড়িত ৰাইজক সকলো ক্ষেত্ৰতে তৎপৰতাৰে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ জিলা প্ৰশাসনে আহ্বান জনোৱাৰ লগতে জনসাধাৰণৰো পূৰ্ণ সহায় সহযোগিতা কামনা কৰিছে। জৰুৰীকালীন পৰিস্থিতিৰ বাবে ৰাইজে DEOC, DDMA, Nagaon Landline No. ০৩৬৭২-২৩৮০০০ আৰু টোল- ফ্ৰী নং- ১০৭৭ ত যোগাযোগ কৰিব পাৰিব। ইফালে বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ লগতে সকলো সম্পর্ক যুক্ত বিভাগৰ মুৰব্বী বিষয়া লগত জিলাখনৰ সাম্প্ৰতিক বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যায়লোচনা সভা অনুষ্ঠিত হয়।

কামপুৰ-ৰহাত ৰীমালৰ প্ৰভাৱঃ পৰিস্থিতিৰ বুজ ল'লে জিলা আয়ুক্তই
নগাঁৱত গ্ৰীক থিয়েটাৰৰ কৰ্মশালা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in