শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ২ গৰাকী বিষয়ালৈ 'ৰাষ্ট্ৰীয় নিয়োগযোগ্য বঁটা'

শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ২ গৰাকী বিষয়ালৈ 'ৰাষ্ট্ৰীয় নিয়োগযোগ্য বঁটা'

ডিজিটেল সংবাদ, নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ সহকাৰী পঞ্জীয়ক (শৈক্ষিক) ড° বিচিত্ৰ বিকাশ আৰু সহকাৰী জনসম্পৰ্কৰক্ষী বিষয়া গৌৰী প্ৰসাদ শৰ্মালৈ আগবঢ়োৱা হৈছে 'ৰাষ্ট্ৰীয় নিয়োগযোগ্য বঁটা-২০২৩'৷ ৮ ছেপ্তেম্বৰত মুম্বাইৰ নভোটেল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট হোটেলত অনুষ্ঠিত হোৱা মেকিং ইণ্ডিয়া নিয়োগযোগ্য সন্মিলন আৰু বঁটা প্ৰদান অনুষ্ঠানত শিক্ষা আৰু নিয়োগযোগ্যতাত আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়৷

এই বঁটাৰ বাবে জুৰীৰ সদস্যসকল আছিল এছ এন ডি টি বিশ্ববিদ্যালয়ৰ অৱসৰী উপাচাৰ্য অধ্যাপক বসুধ কামত, আই ডি চি এৰ চি ই অ’ ৰুনা বলৱানী, ইউ এন অ’ৰ কাৰ্যবাহী সঞ্চালক ৰাজীৱ কাপুৰ, ৰাষ্ট্ৰীয় লেখক তথা স্তম্ভলেখক সিদ্ধাৰ্থ পাই।

বঁটা প্ৰদান অনুষ্ঠানত চণ্ডীগড় বিশ্ববিদ্যালয়ৰ প্ৰ’ ভাইচ-চেঞ্চেলৰ অধ্যাপক মনপ্ৰীত সিং মান্না, অন্ধ্ৰ প্ৰদেশ শিক্ষা পৰিষদৰ অধ্যক্ষ অধ্যাপক হেমচন্দ্ৰ ৰেড্ডী, ডিফ ক্ৰিকেট এছ’চিয়েশ্যনৰ চি ই অ' ৰুণা বলৱানীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইণ্ডিয়া এডুকেছন ফ’ৰাম, ইণ্ডিয়া এমপ্লই ফ’ৰামৰ সহযোগিতা আয়োজিত এই অনুষ্ঠানত বঁটা লাভ কৰোঁতা দুয়োগৰাকীলৈ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই শুভেচ্ছা জ্ঞাপন কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in