চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰঞ্জিত লস্কৰৰ কৰুণ গাঠা...

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰঞ্জিত লস্কৰৰ কৰুণ গাঠা...

author-image
Asomiya Pratidin
New Update
চৰকাৰী আঁচনিৰ পৰা বঞ্চিত ৰঞ্জিত লস্কৰৰ কৰুণ গাঠা...

ডিজিটেল সংবাদ, কামপুৰঃ চৰকাৰে দৈনিক নতুন নতুন আঁচনিৰে হিতাধিকাৰীৰ সংখ্যা বঢ়াইছে যদিও প্ৰককৃতাৰ্থত কিমান সফল এই আঁচনিসমূহৰ ৰূপায়ন।ইয়াকে লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সৰ্বত্ৰে। কাৰণ ৰাজ্যত বৰ্তমানেও এনে বহুত দৰিদ্ৰলোক আছে যিসকলে এখনো চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই।

কামপুৰৰ কঠীয়াতলী উন্নয়ন খণ্ডৰ অন্তুৰ্গত মুগাচিঙিয়া গাঁৱৰ এটা দৰিদ্ৰ পৰিয়ালে চৰকাৰী আঁচনি বিচাৰি হাঁহাকাৰ কৰিবলগীয়া হৈছে। এটা ভাঙি-চিঙি উৱলি যোৰা বাসগৃহত জীৱন নিৰ্বাহ কৰিছে পৰিয়ালটোৱে। চৰকাৰে প্ৰতিটো দৰিদ্ৰ পৰিয়াললৈ চৰকাৰী বাসগৃহ দিয়াৰ কথা ঘোষণা কৰিছে যদিও তৃণমূল পৰ্যায়ত এই আঁচনিসমূহ ৰূপায়ন কৰা সকলৰ কৃপা দৃষ্টিৰ পৰা বাদ পৰি ৰৈছে এনে বহু দুখীয়া পৰিয়াল।

ৰঞ্জিত লস্কৰ নামৰ লোকজনে বহুবাৰ স্থানীয় পঞ্চায়তৰ মুৰব্বীসকলক এটা চৰকাৰী ঘৰৰ বাবে অনুৰোধ কৰিছে যদিও কাণ দিয়া নাই পঞ্চায়ত প্ৰতিনিধিসকলেও। উল্লেখ্য যে, বিগত ২০২২ বৰ্ষৰ প্ৰৱল বানে ৰঞ্জিত লস্কৰৰ বাসগৃহটো ভাঙি পোলাৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰা ধৰনে বানসাহায্যৰ পৰাও বঞ্চিত হৈ আছে পৰিয়ালটো।

সেয়ে এটা বাসগৃহৰ বাবে হাঁহাকাৰ কৰি সংবাদমাধ্যমৰ কাষ চাপিছে ৰঞ্জিত লস্কৰ আৰু লোকজনৰ পৰিবাৰে। এই সম্পৰ্কত বিভাগীয় কৰ্তৃপক্ষক ব্যৱস্থালোৱাৰ বাবে আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে।

Also Read: বহিঃৰাজ্যত সন্ধানহীন কচুৱাৰ যুৱক