বহিঃৰাজ্যত সন্ধানহীন কচুৱাৰ যুৱক

বহিঃৰাজ্যত সন্ধানহীন কচুৱাৰ যুৱক

ডিজিটেল সংবাদ, কামপুৰঃ কচুৱা থানাৰ অন্তৰ্গত লুতুমাৰীৰ সদানন্দ বৰা নামৰ এজন যুৱক যোৱা ২১অক্টোবৰত কৰ্মসূত্ৰে বহিঃৰাজ্যলৈ ৰেলৰে গৈ থকা অৱস্থাত সন্ধানহীন হয়। যুৱক জনৰ লগত বৰ্তমান কোনো ধৰনৰ যোগাযোগ কৰিব পৰা নাই যুৱক জনৰ পৰিয়ালে।

প্ৰাপ্ত বাতৰি মতে যুৱকজনে ৰেলৰে গৈ থকা অৱস্থাত ঘৰৰ পৰিয়ালক ২৪ অক্টোবৰৰ নিশা ১১ বজাত ফোন কৰি জনাই যে তেওঁক কেইজনমান মানুহে অনুসৰণ কৰি আছে। এই ঘটনাৰ পাছৰে পৰাই যুৱক জনৰ ফোনটো অফ হৈ যোৱাৰ পাছত পৰিয়ালৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়।

দুৰ্ভগীয়া পৰিয়ালটোৱে উপায় বিহীন হৈ আইনৰ কাষ চাপিছে যদিও কোনো সম্ভেদ পোৱা নাই যুৱকজনৰ। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সন্ধানহীন সদানন্দ বৰা নামৰ যুৱকজনক কিবা ব্যৱস্থা কৰি সু-শৰীৰে পৰিয়ালৰ মাজলৈ পঠোৱাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে উপায়ন্তপ পৰিয়ালৰ লোকে।লগতে কামপুৰ হোজাই আৰু চাপৰমুখ থানাত জাননী দিয়ে পৰিয়ালৰ লোকে ।

সন্ধানহীন হোৱাৰ পিছৰ পৰাই পৰিয়ালৰ লোকে বিভিন্ন ঠাইত যোগাযোগ কৰিও কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোকে। যদি যুৱক জন কোনো ব্যক্তিয়ে কিবা সম্ভেদ পাই তেন্তে ৬০০৩১০৬৬৫৯ অথবা ৯৭০৬২৭৫৫৬৩ নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে।।

বহিঃৰাজ্যত সন্ধানহীন কচুৱাৰ যুৱক
শ্ৰীমন্ত শংকৰদেৱ বিষয়ক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in