/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/sr9p9n86/269.jpg)
চাপানালাত দুষ্প্ৰাপ্য ৱাক পক্ষী উদ্ধাৰ
ডিজিটেল সংবাদ, বঢ়মপুৰ : পক্ষীকুলৰ পৰা বিলুপ্ত প্ৰায় এটা বিৰল প্ৰজাতিৰ ৱাক চৰাই শুকুৰবাৰে পুৱা চাপানালাৰ বৰচুঙজাৰত উদ্ধাৰ কৰা হয় । জানিব পৰা মতে বৰচুঙজাৰ পথাৰৰ মাজতে এই আপুৰুগীয়া চৰাইটো আঘাতপ্ৰাপ্ত অৱস্থাত পৰি আছিল।
স্থানীয় লোকৰ খবৰৰ ভিত্তিত উক্ত স্থানত প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা উপস্থিত হৈ ৰাইজৰ তৎপৰতাত চৰাইটো উদ্ধাৰ কৰে। চৰাইটোক উদ্ধাৰ কৰি প্ৰকৃতিপ্ৰেমী যুৱকজনে চিকিৎসাৰ ব্যৱস্থা কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-25/7wgusw5l/831fa90b-eabd-4124-9173-77d2ee82728c.jpg)
যথেষ্ট দুৰ্বল হৈ পৰা পক্ষীটোক খাদ্য যোগান ধৰাৰ লগতে বন বিভাগৰ সহযোগত অতিশীঘ্ৰে সুস্থ কৰি প্ৰকৃতিৰ মাজত এৰি দিয়াৰ ব্যবস্থা কৰা হ'ব বুলি জানিবলৈ দিয়ে।
Also Read: চামতাত ৪৫ সংখ্যক নৰোৰাম বৰ্মন ফুটবল আৰম্ভ : অসম পুলিচ ব্লুজ দলৰ ছেমি ফাইনেলত প্ৰৱেশ