'প্ৰকৃতিপ্ৰেমী মঞ্চ অসম'ৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ

'প্ৰকৃতিপ্ৰেমী মঞ্চ অসম'ৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ

ডিজিটেল সংবাদ,বেবেজীয়া : প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে স্থানীয় ব্যক্তিৰ খবৰৰ ভিত্তিত শনিবাৰে তৰাণি কলবাৰী গাঁৱৰ পৰা উদ্ধাৰ কৰে এটা বিপদাপন্ন প্ৰজাতিৰ ডঁৰিক চৰাই ৷ পূৰ্বতে এই চৰাই অসমত যথেষ্ট পৰিমাণে দেখা গৈছিল যদিও বৰ্তমান কাজিৰঙা, মানাহ, দিহং-পাটকাই আদি কেইখনমান ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যতহে কেতিয়াবা দুই-চাৰিটা পৰিলক্ষিত হয় ৷

জম্মু- কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পক্ষী হিচাপে স্বীকৃতি এই Kalij Pheasant বিশেষকৈ হিমালয়ৰ পাদদেশৰ লগতে নেপাল, পাকিস্তানৰ পৰা পশ্চিম থাইলেণ্ডলৈকে অৰণ্যৰ অভ্যন্তৰ আৰু ঘাঁহনি অঞ্চলত দেখা যায় ৷ ইহঁতৰ মতা চৰাইবোৰ উপপ্ৰজাতি ভেদে দেহৰ আকাৰ ভিন্ন যদিও সকলোৰে পাখি চিকচিকিয়া নীলা-ক'লা আৰু মাইকী চৰাইবোৰ সামগ্ৰিকভাৱে বাদামী ৰঙৰ হয়।

অৱশ্যে দুয়ো লিংগৰে চকুৰ চাৰিওকাষ ৰঙা আৰু ভৰি ধূসৰ হোৱা দেখা যায় ৷ মঞ্চই উক্ত দুষ্প্ৰাপ্য পক্ষীটোৰ লগতে এটা ফেচু চৰাইকো তেতেলীয়া পাহাৰৰ অভ্যন্তৰ গভীৰ অৰণ্যত পুনৰ মুকলি কৰি দিয়ে ৷ উক্ত কাৰ্যসূচীত প্ৰকৃতিপ্ৰেমী মঞ্চৰ সভাপতি হিতেশ শৰ্মা, ধীৰাজ পাতৰ, পাৰ্থ প্ৰতিম গৌতম, নিতুল ডেকা, ইৰেন ডেকা, জ্যোতিষ ডেকাৰ লগতে দেৱাংগ শৰ্মা উপস্থিত থাকে ৷

মঞ্চই প্ৰজননৰ বাবে দূৰদূৰণিৰ পৰা অসমলৈ অহা এনে দুষ্প্ৰাপ্য পৰিভ্ৰমী পক্ষীবোৰক বধ কৰাৰ পৰিবৰ্তে সুৰক্ষা প্ৰদান কৰিবলৈ সমূহ অসমবাসী ৰাইজক আহ্বান জনায় ৷

'প্ৰকৃতিপ্ৰেমী মঞ্চ অসম'ৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ পক্ষী উদ্ধাৰ
বাংগালুৰুৰ অনাকাংক্ষিত ঘটনাৰ পাচতে তৎপৰ দিল্লী আৰক্ষী-প্ৰশাসন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in