মধুপুৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা ৰেলী...

পাখিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাকৰঘাট গাওঁপঞ্চায়ৰ উদ্যোগত আৰু নগঞা সচেতন ৰাইজৰ সহযোগত ড্ৰাগছৰ বিৰুদ্ধে ৰেলী

author-image
Asomiya Pratidin
New Update
মধুপুৰত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা ৰেলী...

ডিজিটেল সংবাদ, বেবেজীয়া : নগাঁও জিলাৰ পাখিমৰিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ডাকৰঘাট গাওঁপঞ্চায়ৰ উদ্যোগত আৰু নগঞা সচেতন ৰাইজৰ সহযোগত ড্ৰাগছ, বাল্যবিবাহ আৰু কু-সংস্কাৰৰ বিৰুদ্ধে মধুপুৰ অঞ্চলত এক সজাগতামূলক ৰেলী বাহিৰ কৰা হয়। ৰেলীত অংশগ্ৰহণকাৰীসকলে হাতে-হাতে প্লে-কাৰ্ড লৈ ড্ৰাগছৰ বিৰুদ্ধে বিভিন্ন সজাগতামূলক শ্ল'গান দি ৰাইজক ড্ৰাগছৰ বিৰুদ্ধে সজাগ কৰিবলৈ চেষ্টা কৰে।

Advertisment

মধুপুৰ প্ৰাথমিক বিদ্যালয় চৌহদৰ পৰা বাহিৰ কৰা ৰেলীত ডাকৰঘাট গাওঁপঞ্চায়ৰ কৰ্মকৰ্তাসকল, গাওঁৰক্ষী বাহিনী, মধুপুৰ অঞ্চলৰ কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীসকলে অংশগ্ৰহণ কৰে । উল্লেখ্য যে, নগাঁও চহৰৰ সমীপৱৰ্তী মধুপুৰ, কদমতল, মৰঙ্গীয়াল, শিয়ালমাৰি আদি অঞ্চল কিছুদিন ধৰি নিসিদ্ধ ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে।

অঞ্চলটোৰ বহু যুৱক-যুৱতী ড্ৰাগছৰ গৰাহত পৰি নিজকে ধ্বংসৰ মুখলৈ ঠেলি দিছে। আনকি বহু স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীয়ে ড্ৰাগছৰ কবলত পৰি শিক্ষা জীৱন আধাতে সামৰিব লগীয়াত পৰে। তদুপৰি ইতিমধ্যে অঞ্চলটোৰ কেইবাজনো যুৱকৰ মৃত্যু পৰ্যন্তও হৈছে। এনে নিসিদ্ধ ড্ৰাগছ বিৰুদ্ধে শনিবাৰে ৰাইজ ৰাজপথলৈ ওলাই আহি সজাগতা সৃষ্টি কৰাৰ লগতে ড্ৰাগছ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা প্ৰশাসনক দাবী জনায়।

Also Read: অনলাইন শিশু আলোচনী ‘কাণখোৱা’ উন্মোচন...

RALLY protest