পৰম্পৰা ৰক্ষা কৰি ৰহাৰ 'সৰা ৰাজ্যত' ৰাজ অভিষেক কাৰ্য সম্পন্ন

পাৰিষদসকলে আলোচনা কৰি সৰা ৰাজ্যৰ ৰাজ বংশধৰ সমৰসিং ডেকাক 'ৰজা'ৰ স্বীকৃতি

author-image
Asomiya Pratidin
New Update
পৰম্পৰা ৰক্ষা কৰি ৰহাৰ 'সৰা ৰাজ্যত' ৰাজ অভিষেক কাৰ্য সম্পন্ন

ডিজিটেল সংবাদ,ৰহা : মধ্য অসমত প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ ! গণতন্ত্ৰত ৰাজতন্ত্ৰৰ প্ৰতিষ্ঠা ! বুৰঞ্জী প্ৰসিদ্ধ মধ্য অসমৰ পাঁচোৰজাৰ অন্যতম ৰাজ্য ৰহাৰ সৰা ৰাজ্যত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৰাজ অভিষেক।

Advertisment

সৰা ৰাজ্যৰ ৰাজ পৰিয়ালৰ সৰ্বসন্মতিক্ৰমে সৰা ৰজাৰ বংশধৰ সমৰসিং ডেকাক 'ৰজা' স্বীকৃতি দি স্বকীয় পৰম্পৰাৰে ৰাজভিষেক অনুষ্ঠিত কৰি সিংহাসনত অধিষ্ঠিত কৰা হয়। এই লৈ অঞ্চলটোত এক উৎসৱমুখৰ পৰিৱেশৰো সৃষ্টি হয়।

পুৱা ৰজাক পৰম্পৰাগত নীতি-নিয়মেৰে নামঘৰলৈ অনা হয়। লগতে পাঁচোৰজাৰ টোপাকুছি, খাইগড়, বাৰপূজীয়া আৰু মিকিৰ ৰজাৰ উপস্থিতিত ৰাজ অভিষেক সম্পন্ন কৰি সমৰসিং ডেকাক সৰা ৰাজ্যৰ ৰজা হিচাপে স্বীকৃতি দিয়া হয়।

উল্লেখ্য যে ঐতিহাসিক পাঁচো ৰাজ্যৰ বাকী চাৰি ৰাজ্যত পৰম্পৰাগতভাৱে ৰজা আছে যদিও বহু বছৰ ধৰি ঐতিহাসিক সৰা ৰাজ্যত ৰজা নাছিল। সেয়ে পাৰিষদসকলে আলোচনা কৰি সৰা ৰাজ্যৰ ৰাজ বংশধৰ সমৰসিং ডেকাক এনেদৰে ৰাজ অভিষেক পাতি আনুষ্ঠানিকভাৱে ৰজা স্বীকৃতি দিয়া হয়।

গণতন্ত্ৰত ৰজাৰ ক্ষমতা নাথাকিলে মধ্য অসমৰ ঐতিহাসিক সাতোৰজা আৰু পাঁচোৰজাৰ পৰম্পৰা প্ৰতীকি ৰূপত আজিও চলি আহিছে।

Also Read: ১৭বছৰৰ বিৰতিৰ পিছত মাহেন্দ্ৰ ক্ষণঃ টি-২০ বিশ্বকাপ ২০২৪ৰ খিতাপ দখল ভাৰতৰ...

raha