AIUDF ত মোক্ষম আঘাটঃ ধিঙত শতাধিক লোকৰ ৰাইজৰ দলত যোগদান...

AIUDF ত মোক্ষম আঘাটঃ ধিঙত শতাধিক লোকৰ ৰাইজৰ দলত যোগদান...
Published on
Updated on

ডিজিটেল সংবাদ,বটদ্ৰৱা: সংখ্যালঘু বসতি প্ৰধান অঞ্চলত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বৰ্ধিত জনপ্ৰিয়তাই বিপদত পেলাইছে এ আই ইউ ডি এফ দলক। মুলত লোকসভা নিৰ্বাচনত অখিল গগৈয়ে এ আই ইউ ডি এফ দলক মোক্ষম আঘাট হানি দলটোক অসমৰ ৰাজনীতিৰ পৰা নিৰ্বাসন দিয়াৰ যি যাত্ৰা আৰম্ভ কৰিলে সেই যাত্ৰা বৰ্তমানো যেন অব্যাহত ৰাখিছে অখিল গগৈয়ে।

অখিল গগৈৰ নিৰ্দেশ অনুসৰি মধ্য অসমৰ এ আই ইউ ডি এফ দলৰ দূৰ্গ ধিং সমষ্টিত এতিয়া প্ৰতিদিনেই চুকে কোনে অনুষ্ঠিত হৈছে ৰাইজৰ দলৰ সাংগঠনিক আৰু যোগদান সভা। ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে বিধান সভা নিৰ্বাচনত ১লাখ ২০ হাজাৰ ভোট লাভ কৰি বিপুল ভোটত জয়ী হবলৈ সক্ষম হৈছিল। কিন্তু লোকসভা নিৰ্বাচনত নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি নিজৰ গৃহ সমষ্টিটোত মাত্ৰ ৩০ হাজাৰ ভোট পাবলৈ সক্ষম হয়।

লোকসভা নিৰ্বাচনত অখিল গগৈৰ প্ৰচাৰত নিজৰ সমষ্টিতে অস্তিত্বহীন হৈ পৰে আমিনুল ইছলাম। আজি ধিং সমষ্টিৰ তাতিঁকটা পঞ্চায়তৰ আঞ্চলিক সমিতি গঠনৰ উদেশ্যে মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সমূহীয়া ভৱনত অনুষ্ঠিত এখন সভাত তাতিকটা পঞ্চায়তৰ সৰ্ববৃহৎ ২০০ জনীয়া আঞ্চলিক সমিতি খন গঠন কৰি দিয়া হয়। সমাজকৰ্মী ছফিকুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত সভ খনত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ হৈ উপস্থিতিত থাকে দলটোৰ কেন্দ্ৰীয় মুখপাত্ৰ মেহবুব মুক্তাৰ।

মেহবুব মুক্তাৰৰ উপস্থিতিত উক্ত সভাতে আন দল ত্যাগ কৰি ২শতাধিক পুৰুষ মহিলাই ৰাইজৰ দলত যোগদান কৰে। ৰাইজৰ দলত যোগদান কৰি "ৰাইজৰ দল জিন্দাবাদ", "অখিল গগৈ জিন্দাবাদ" ধ্বনিৰে যোগদান কাৰী সকলে মুখৰিত কৰে সভাস্থলী । যোগদান কাৰ্য্যসূচীৰ অন্তত ৰাইজে সমাজ কৰ্মী ছফিকুল ইছলামক সভাপতি আৰু তজমুল ইছলামক সাধাৰণ সম্পাদক হিচাপে লৈ ২০০ জনীয়া তাতিকটা আঞ্চলিক সমিতি গঠন সৰ্বসন্মতিক্ৰমে গঠন কৰি দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in