ৰাহুলৰ সাংসদ পদ খাৰিজঃ বটদ্ৰৱাত সমষ্টিৰ মণ্ডলে মণ্ডলে কংগ্ৰেছৰ সংবাদ মেল...

ৰাহুল গান্ধীৰ সাংসদ পদৰ পৰা খাৰিজ কৰাৰ সন্দৰ্ভত শনিবাৰে দলংঘাট ব্লক কংগ্ৰেছে এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত ৰাহুল গান্ধীৰ প্ৰতি বৰ্তমানৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে ।

author-image
Asomiya Pratidin
New Update
ৰাহুলৰ সাংসদ পদ খাৰিজঃ বটদ্ৰৱাত সমষ্টিৰ মণ্ডলে মণ্ডলে কংগ্ৰেছৰ সংবাদ মেল...

কংগ্ৰেছৰ সংবাদ মেল

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ বটদ্ৰবা সমষ্টিৰ অন্তৰ্গত দলংঘাট ব্লক কংগ্ৰেছ দলৰ কাৰ্য্যলয়ত ৰাহুল গান্ধীৰ সাংসদ পদৰ পৰা খাৰিজ কৰাৰ সন্দৰ্ভত শনিবাৰে দলংঘাট ব্লক কংগ্ৰেছে এখনি সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত ৰাহুল গান্ধীৰ প্ৰতি বৰ্তমানৰ বিজেপি চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত বিষেদগাৰ প্ৰকাশ কৰে কংগ্ৰেছ দলৰ নেতা কৰ্মী সকলে ।

Advertisment

কংগ্ৰেছ নেতা কৰ্মীসকলে কয় যে এয়া ৰাহুলগান্ধীৰ বিৰুদ্ধে কৰা গভীৰ ষড়যন্ত্ৰ । লগতে কৰ্মীসকলে নেতাগৰাকীৰ সাংসদ পদ খাৰিছকলৈ ক্ষোভ উজাৰি এনে কাৰ্যক তীব্ৰ ভাষা্ৰে গৰিহণা প্ৰদান কৰে ।

সংবাদমেলত নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক হবিবুল ইদ্ৰিছ চৌধুৰীকে প্ৰমুখ্য কৰি কংগ্ৰেছ দলৰ নেতা কৰ্মী সকল উপস্থিত থাকে। ইফালে দলংঘাট ব্লকৰ বিভিন্ন মণ্ডল সমূহত আজি পৃথকে পৃথকে অনুৰূপ কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা অৱগত কৰে সম্পাদক গৰাকীয়ে।

Also Read: ইতিহাস ৰচনা কৰিব অসম মন্ত্ৰীসভাই, দেওবাৰে বিধানসভাৰ অধ্যক্ষৰ সমষ্টিত ৰাজ্যিক কেবিনেট...

#RAHULGANDHI