দুদিনত ১৭ টা পথৰ আধাৰশিলাঃ পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ আহ্বান শশীকান্ত দাসৰ

বিধায়ক শশীকান্ত দাসে বুধ আৰু বৃহস্পতিবাৰে সমষ্টিটোৰ বেবেজীয়া, দক্ষিনপাট, ফুলগুৰি, দেওবালি, আমচৈ, জামুগুৰি, বেচাপট্টি আদিত ১৭টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে৷

author-image
Asomiya Pratidin
New Update
দুদিনত ১৭ টা পথৰ আধাৰশিলাঃ পঞ্চায়ত নিৰ্বাচনত বিজেপিক ভোট দিয়াৰ আহ্বান শশীকান্ত দাসৰ

ডিজিটেল সংবাদ ৰহাঃ যি সময়ত অসম চৰকাৰে ৰাজ্যত উন্নয়নৰ জয়ঢোল বজাইছে সেই সময়তে পথ, বিদ্যুৎ, খোৱাপানীৰ দৰে সাধাৰণ সুবিধাখিনিৰ পৰাও বঞ্চিত হৈ আছে ৰহাৰ হগলটলি গাওঁ। গাওঁখনৰ এনে সমস্যাৰ সন্দৰ্ভত অসমীয়া প্ৰতিদিন, প্ৰতিদিন টাইমত সবিস্তাৰে বাতৰি প্ৰকাশ পোৱাৰ পাছতে আজি সমষ্টিটোত উপস্থিত হয় ৰহাৰ বিধায়ক শশীকান্ত দাস। 

Advertisment

আজি গাওঁখনত উপস্থিত হৈ কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে গাওঁবাসীৰ সমস্যাৰ বুজ লয় আৰু এই সমস্যাসমূহ সমাধান কৰাৰ পদক্ষেপ গ্ৰহণ কৰে। তেওঁ আজি এছ অ পি ডি আঁচনিৰ অধীনত পথটোৰ নিৰ্মাণৰ বাবে অন্তৰ্ভুক্ত কৰি আধাৰশিলা স্থাপন কৰে।  

এই আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীয়ে ৰাইজৰ এই সমস্যাসমূহ দৃষ্টিগোচৰ কৰাৰ বাবে প্ৰতিদিন টাইমক ধন্যবাদ জনায়। সমান্তৰালভাৱে তেওঁ মাত্ৰ দুদিনতে ১৭ টাকৈ পথ নিৰ্মাণ তথা মেৰামতিৰ আধাৰশিলা স্থাপনৰ বিষয়েও জনাই বিধায়ক শশীকান্ত দাসে৷

বিধায়কগৰাকীয়ে বুধ আৰু বৃহস্পতিবাৰে সমষ্টিটোৰ বেবেজীয়া, দক্ষিনপাট, ফুলগুৰি, দেওবালি, আমচৈ, জামুগুৰি, বেচাপট্টি আদিত ১৭টাকৈ পথৰ আধাৰশিলা স্থাপন কৰে৷ SOPD- G আঁচনিৰ অধীনত ২.৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হবলগীয়া এই পথসমূহ সঠিকভাৱে নিৰ্মাণ হলে জনসাধাৰণৰ যাতায়াত সুচল হব যদিও পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকমূহূৰ্তত এই আধাৰশিলা স্থাপন কৰা কাৰ্যই একপ্ৰকাৰৰ ভোটাৰক আকৰ্ষণ কৰাৰ চেষ্টা বুলিয়েই বিবেচিত হৈছে৷

বিধায়কগৰাকীয়ে আধাৰশিলা স্থাপনৰ লগে লগে মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হোৱাৰ লগতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ চলোৱাও দেখা গৈছে৷ সকলো ৰাইজকে আগন্তুক নিৰ্বাচনত বিজেপি দলক ভোট দিবলৈ মুকলিকৈ আহ্বান জনায় কংগ্ৰেছৰ নিলম্বিত বিধায়কগৰাকীয়ে।

আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰহা সমষ্টিৰ প্ৰতিটো পঞ্চায়তত বিজেপি সমৰ্থিত প্ৰাৰ্থীয়ে জয়লাভ কৰিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে।

ৰহা শশীকান্ত দাস