কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাক লৈ অসন্তুষ্ট শশীকান্ত...

ভূপেন বৰাক সমালোচনা, হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা
কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাক লৈ অসন্তুষ্ট শশীকান্ত...
কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাক লৈ অসন্তুষ্ট শশীকান্ত...

ডিজিটেল সংবাদ কামপুৰঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ মুখ খুলিছে ৰহাৰ নিলম্বিত কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে। কংগ্ৰেছে আগন্তুক নিৰ্বাচনত এ আই ইউ ডি এফৰে মিত্ৰতা নকৰা সন্দৰ্ভত কংগ্ৰেছ সভাপতি ভূপেন বৰাক সমালোচনা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো প্ৰসংশা কৰিলে।

মঙ্গলবাৰে এক চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ লোকসভা নিৰ্বাচন প্ৰসংগত কয়, "মই ফলাফলৰ ক্ষেত্ৰত একো নকওঁ। কংগ্ৰেছ দলৰ বিধায়ক হৈ মই এতিয়াও আছো। মই দল ত্যাগ কৰা নাই। দলে মোক নিলম্বন কৰি ৰাখিছে। ভূপেন বৰাৰ নেতৃত্বত অসমত কংগ্ৰেছ দলটো গুৰি বঠাহীন, বিশৃংখল আৰু পৰিকল্পনাহীন হৈ পৰিছে। বুথ পৰ্যায়ত শক্তিহীন দলৰ সৈতে আমাৰ সহমত নথকা পিছতো মিত্ৰতা কৰি কৰা হৈছে।

এ আই ইউ ডি এফৰে মিত্ৰতা সন্দৰ্ভত কয়,- বিগত বিধানসভা নিৰ্বাচনত এ আই ইউ ডি এফৰ লগত মিত্ৰতা কৰি দলে কেইবাজনো বিধায়ক পাবলৈ সক্ষম হৈছো। বিধানসভাত ১৮ জনকৈ বিধায়ক থকা দলটোৰ লগত মিত্ৰতা নকৰি নাম গোন্ধ নথকা ১১ টা দলৰ সৈতে মিত্ৰতা কৰি দল কিমান সফল হ'ব সেয়া সময়ত ক'ব। কিন্ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সুপৰিকল্পিত চিন্তা চৰ্চাৰে অসমখনৰ উন্নয়ন হকে কাম কৰি গৈছে তাৰ বাবে মুখ্যমন্ত্ৰীৰ সমৰ্থনত ৰহা সমষ্টিবাসীয়ে ৫০/৬০ হাজাৰ ভোট প্ৰদান কৰিব।

উল্লখ্য যে, সোমবাৰে নগাঁও জিলাৰ পূৰ্বৰ বিভিন্ন এলেকাৰ লগতে বৰ্তমান বঢ়মপুৰ সমষ্টি আৰু হোজাই সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হোৱা গৰুবাট মৌজাৰ ভিন্ন প্ৰান্তত ১১ টাকৈ অঙ্গনবাড়ী কেন্দ্ৰৰ আদৰ্শ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। ২০২২-২৩ বৰ্ষৰ অধীনস্থ সমাজ কল্যাণ বিভাগৰ নতুনকৈ নিৰ্মাণ হ'বলগীয়া গৃহসমূহে শিশুক আকৰ্ষিত কৰাৰ লগতে এক সুস্থ বাতাবৰণৰ সৃষ্টি কৰিব বুলি বিধায়ক গৰাকীয়ে মন্তব্য কৰে।

বিধায়কগৰাকীয়ে পুনৰ কয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰহা সমষ্টিৰ প্ৰতি থকা মৰমৰ বাবে মুঠ ৪৫ টা এনে আদৰ্শ গৃহ লাভ কৰিবলৈ সমষ্টিবাসী সক্ষম হৈছে । আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত সমাজ কল্যাণ বিভাগৰ বিষয়া, কামপুৰ মণ্ডল বিজেপিৰ সভাপতি শান্তিৰাম বৰাৰ লগতে যুৱ নেতা মতিউৰ ৰহমান, ওমৰ আলী, জনাৰ্দন শইকীয়া, জিলা বি জে পিৰ সম্পাদক সুৰ্বণ সিং, ক্ষীৰোদ লস্কৰকে আদি কৰি কেইবাগৰাকী বিষয়া আৰু বিজেপি দলৰ নেতাই সংগ দিয়ে।

কংগ্ৰেছে এ আই ইউ ডি এফৰে মিত্ৰতা নকৰাক লৈ অসন্তুষ্ট শশীকান্ত...
বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কাৰ বিৰুদ্ধে প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in