ৰহা মহাবিদ্যালয়ত "ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান" শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ৰহা মহাবিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ লগতে ড° ৰাজশ্ৰী বৰাৰ "ৰামায়ন প্ৰভা"গ্ৰন্থ উন্মোচন।

author-image
Asomiya Pratidin
New Update
ৰহা মহাবিদ্যালয়ত "ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান" শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ডিজিটেল সংবাদ, ৰহাঃ অসমীয়া সাহিত্য সন্মিলনীৰ একাদশ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু সাহিত্য উৎসৱ উদযাপনৰ উপলক্ষে শুকুৰবাৰে ৰহা মহাবিদ্যালয় স্থিত জোঙালবলহু প্ৰেক্ষাগৃহত অসমীয়া সাহিত্য সন্মিলনী আৰু ৰহা মহাবিদ্যালয় অসমীয়া বিভাগৰ যুটিয়া উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে "ৰহস্য সাহিত্যঃ বিৱৰ্তন আৰু প্ৰত্যাহ্বান"শিৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ ৰ শুভাৰম্ভ হয়।

Advertisment

এই উপলক্ষে শুকুৰবাৰে পুৱা ১০বজাত অসম সাহিত্য সন্মিলনীৰ মুখ্য সচেতক তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ জ্যেষ্ঠ অধ্যাপক ড° দিলীপ বৰাৰ দ্বাৰা উদ্বোধন আৰু ৰহা মহাবিদ্যালয় অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ড° ৰাজশ্ৰী বৰাৰ আদৰনী ভাষণেৰে, ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাৰ দ্বাৰা বন্তি প্ৰজ্বলনৰে আৰম্ভ হয় আলেচনা চক্ৰ।

এই আলোচনা চক্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ অৱসৰ প্ৰাপ্ত মূৰব্বী অধ্যাপক ড° মুকুল চক্ৰৱৰ্তীৰ দ্বাৰা ড° ৰাজশ্ৰী বৰাৰ গ্ৰন্থ "ৰামায়ন প্ৰভা" উন্মোচন কৰাৰ লগতে আলোচনা চক্ৰত বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অসমীয়া সাহিত্য সন্মিলনিৰ কাৰ্যকৰী সভাপতি ড° বিৰিঞ্চি কুমাৰ দাস, বিশিষ্ট সাহিত্যিক উৎপল দত্ত , ৰহা মহাবিদ্যালয়ৰ উপাধ্যক্ষা মনিকা দাস সহ ৰহা মহাবিদ্যালয়ৰ অধ্যাপক, অধ্যাপিকা, ছাত্ৰ ছাত্ৰী আৰু গণমান্য ব্যক্তি উপস্থিত থাকে।

Also Read: ৩ বৰেণ্য ব্যক্তিলৈ মৰণোত্তৰভাৱে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান 'ভাৰত ৰত্ন'

nagaon roha collage