ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলাৰায় দিৱস উদযাপন

ৰহাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
ৰাজ্যৰ বিভিন্ন প্ৰান্তত চিলাৰায় দিৱস উদযাপন

ডিজিটেল সংবাদ, ৰহাঃ ৰহাত সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হৈছে। কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ নগাঁও আৰু মৰিগাঁও জিলা সমিতিৰ সহযোগত ৰহাৰ ডিমৌত আয়োজিত এই বীৰ চিলাৰায় দিৱসৰ উপলক্ষে পুৱা চাৰিখনকৈ পতাকা ক্ৰমে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ পতাকা, স্ব-জনগোষ্ঠীয় পতাকা, চিলাৰায় সেনাৰ পতাকা আৰু কোচ ৰাজবংশী মহিলা সমিতিৰ পতাকা উত্তোলন কৰা হয়।

Advertisment

ইয়াৰ পিছতে ছহিদ তৰ্পন আৰু বীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ন কৰাৰ পিচতে উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা। সত্ৰীয়া সংস্কৃতি, দিহানাম, তিৱাকে ধৰি কেইবাটাও জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰা শোভাযাত্ৰাই সমগ্ৰ ডিমৌ অঞ্চল পৰিভ্ৰমণ কৰি বীৰ চিলাৰায় দিৱস উজ্জীৱিত কৰি তোলে।

Also Read: দেওবাৰৰ পৰা আৰম্ভ 'অসমতো কেজৰিৱাল' অভিযান

chilarai divash raha