/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/8526bb9e-72bb-4b0c-a8c8-02d805400e7f/5.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাৰ ভোমোৰাগুৰি লালুং গাঁৱত বৃহস্পতিবাৰে বিভিন্ন কাৰ্য্যসূচীৰে বিষ্ণু ৰাভা দিৱস উদযাপন কৰা হয়। ভোমোৰাগুৰি লালুং গাঁৱৰ গুৰুদেৱ পুথিভঁৰালৰ সন্মুখত অনুষ্ঠিত হোৱা বিষ্ণুপ্ৰসাদ ৰাভা দিৱস উপলক্ষে পুৱা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, মাল্যৰ্পনৰ পাছত বিয়লি চিত্ৰাংকন প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু বিষ্ণুপ্ৰসাদ ৰাভা গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/c6e04878-96ac-4063-8a0b-178258883377/7a4bb472-ffdd-4c44-91e4-1b8d04a41059.jpg)
নিশা একক আধুনিক নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়। শিল্পী, সাংবাদিক দিব্যজ্যোতি বৰুৱা আৰু নৃত্যশিল্পী অনুকম্পিতা বৰাই বিচাৰকৰ আসন অলংকৃত কৰা একক আধুনিক নৃত্য প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে ঈষানী দত্ত, দ্বিতীয় স্থান লাভ কৰে লক্ষ্যজিৎ বৰা, তৃতীয় স্থান লাভ কৰে পংখী দাস, চতুৰ্থ স্থান লাভ কৰে অমিত লস্কৰ, পঞ্চম স্থান প্ৰয়াসী প্ৰিয়া, ষষ্ঠ স্থান কংকনা বনিয়া, সপ্তম স্থান প্ৰনৱ বৰদলৈ লাভ কৰে। শেষত সকলো বিজয়ী প্ৰতিযোগীক উদ্যোক্তা মণ্ডলীৰ হৈ যতীন বৰদলৈ, শৰৎ সিং বৰদলৈ, নয়নমনি বৰদলৈ, জোনমণি বৰদলৈ, শচীন্দ্ৰ বৰদলৈ, জুনটি বৰদলৈ, জীতেন বৰদলৈ, প্ৰকাশ পাটৰৰ উপস্থিতিত নগদ ধন, মানপত্ৰ আৰু ট্ৰফিৰে পুৰস্কৃত কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/65a3c48d-3ac1-461c-84a8-be7b24914e54/e227f50c-b13e-437e-aebe-4b3bbb130fdb.jpg)